NORTHEAST NOW (Assamese)

আৰ্থিক সমস্যা! তিনি শিশুসহ একে পৰিয়ালৰ সাত গৰাকীয়ে ল’লে চৰম পন্থা

October 28, 2023 6:14 pm · এন ই নাও নিউজ, গুৱাহাটী
Updated: October 28, 2023 8:02 pm

গুজৰাটৰ চুৰাটত সংঘটিত হৈছে এক চাঞ্চল্যকৰ হত্যাকাণ্ড। তিনিটা শিশুসহ এটা পৰিয়ালৰ ৭ জন সদস্যক মৃত অৱস্থাত উদ্ধাৰ কৰা হৈছে নিজ গৃহৰ ভিতৰত।

আৰক্ষীয়ে সদৰী কৰা মতে, পৰিয়ালটো চুৰাটৰ পালানপুৰৰ সিদ্ধেশ্বৰ এপাৰ্টমেণ্ট নামৰ এক অট্টালিকাত বাস কৰিছিল। ঘটনাৰ বিষয়ে অৱগত হোৱাৰ পিছতে ঘটনাস্থলীত উপস্থিত হৈছিল আৰক্ষী।

পৰিয়ালৰ আটাইকেইগৰাকী সদস্যৰ মৃতদেহ উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰা হৈছে বুলি আৰক্ষীয়ে জানিবলৈ দিয়ে। ইফালে ঘটনাস্থলীৰ পৰা এখন ছুইচাইড নোট উদ্ধাৰ কৰা হৈছে বুলি সদৰী কৰিছে আৰক্ষীয়ে।

ঘটনা সন্দৰ্ভত আৰক্ষীয়ে জানিবলৈ দিয়া মতে, শুকুৰবাৰে মাজনিশা পৰিয়ালটোৰ মূল ব্যক্তিগৰাকীয়ে পৰিয়ালটোৰ সকলো সদস্যক বিহ খুৱাই হত্যা কৰাৰ পিছত নিজে ফাঁচী লগাই আত্মহত্যা কৰে।

তিনি সন্তান ক্ৰমে তিনি আৰু পাঁচ বছৰীয়া দুগৰাকী কন্যা আৰু সাত বছৰীয়া পুত্ৰকো বিহ পান কৰি মৃত্যুৰ মুখলৈ ঠেলি দিয়ে ব্যক্তিগৰাকীয়ে।

মূলত: আৰ্থিক সমস্যাৰ বাবেই পৰিয়ালটোৱে এনে চৰম পন্থা অৱলম্বন কৰে বুলি প্ৰাথমিক তদন্তৰ অন্তত প্ৰকাশ কৰিছে আৰক্ষীয়ে। অৱশ্যে ঘটনা সন্দৰ্ভত বিশদ তথ্য উদ্ধাৰৰ বাবে অনুসন্ধান অব্যাহত আছে বুলি আৰক্ষীয়ে সদৰী কৰিছে।

Related News