NORTHEAST NOW (Assamese)
দেশ

যোগীৰ উত্তৰ প্ৰদেশত ৭০ বৰ্ষীয় মানসিক ভাৱে অসুস্থ মহিলাক ধৰ্ষণ

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী May 6, 2022 7:29 am
Man kills Tribal woman rapes dead body

সু-শাসন আৰু মহিলা সুৰক্ষাৰ ঢাক-ঢোল কোবোৱা যোগী আদিত্যনাথৰ উত্তৰ প্ৰদেশত পুনৰ সংঘটিত হৈছে বলাৎকাৰৰ ঘটনা।

এইবাৰ দুৰ্বৃত্তৰ দ্বাৰা বলাৎকাৰৰ বলি হৈছে ৭০ বৰ্ষীয় এগৰাকী মানসিক ভাৱে অসুস্থ মহিলা।

উত্তৰ প্ৰদেশৰ মিৰ্জাপুৰত মানসিক ভাৱে অসুস্থ মহিলাগৰাকীক অপহৰণ কৰি ধৰ্ষণ কৰে দুৰ্বৃত্তই। ইতিমধ্যে ধৰ্ষণৰ অভিযোগত আৰক্ষীয়ে এজন ব্যক্তিক গ্ৰেপ্তাৰ কৰিছে।

আৰক্ষীয়ে জানিবলৈ দিয়া মতে মঙলবাৰে অভিযুক্ত ব্যক্তিজনে মহিলাগৰাকীক অপহৰণ কৰি এটা নিৰ্জন স্থানলৈ লৈ গৈছিল।

তাৰ পিছত সেই ঠাইত মহিলাগৰাকীক ধৰ্ষণ কৰিছিল দুৰ্বৃত্তজনে।

আৰক্ষীয়ে লগতে উল্লেখ কৰা মতে মহিলাগৰাকীৰ পৰিয়ালে পিছত ৰক্তক্ষৰণ হৈ থকা মহিলাগৰাকীক অচেতন অৱস্থাত উদ্ধাৰ কৰে।

পৰিয়ালটোৱে মহিলাগৰাকী ধৰ্ষণৰ বলি হোৱা বুলি সন্দেহ কৰি গাওঁবাসীক এই বিষয়ে অৱগত কৰে।

আনহাতে এজন লোকৰ শৰীৰত তেজৰ দাগ দেখি সন্দেহবশত: আটক কৰাৰ পিছত তেওঁ নিজৰ অপৰাধ স্বীকাৰ কৰে। স্থানীয় লোকে লগে লগে মানুহজনক আৰক্ষীৰ হাতত গতাই দিয়ে।

ইতিমধ্যে মহিলাগৰাকীক চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে আৰু তেওঁৰ অৱস্থা বৰ্তমান সুস্থিৰ বুলি স্থানীয় এজন আৰক্ষী বিষয়াই জানিবলৈ দিয়ে।