৭৮বছৰীয়া দৰাৰ ১৭বছৰীয়া কইনা; ২২দিনতেই ভাঙিল ‘হেঁপাহৰ’ বিয়া
এগৰাকী ১৭বছৰীয়া কিশোৰীক বিয়া কৰাইছিল ৭৮বছৰীয়া এক বৃদ্ধই। প্ৰায় এমাহ পূৰ্বে ইন্দোনেছিয়াৰ পশ্চিম জাভা দ্বীপৰ ছুবাং অঞ্চলৰ এই বিয়াখনক লৈ যথেষ্ট চৰ্চাও হৈছিল। বয়সৰ এনে পাৰ্থক্যৰ বাবেই বহুলভাৱে চৰ্চিত হৈছিল এই বিয়া।
পিচে, এমাহো নিটিকিল এই সংসাৰ। বিয়াৰ মাত্ৰ ২২দিন পাছতেই ঘটিল বিচ্ছেদ। যোৱা ৩০ অক্টোবৰত সম্পন্ন হৈছিল এই ব্যতিক্ৰমী বিয়াখন।
৭৮বছৰীয়া এই বৃদ্ধ গৰাকীৰ নাম আবা ছাৰনা আৰু ১৭ বছৰীয়া কইনাগৰাকীৰ নাম ননী নভিতা।
আবা ছাৰনাই নভিতালৈ বিবাহ বিচ্ছেদৰ জাননী প্ৰেৰণ কৰিছে।
জাননী পোৱাৰ পাছত স্তম্ভিত হৈ পৰিছে নভিতাৰ পৰিয়ালৰ লোকসকল। কিয়নো উক্ত দম্পতিৰ মাজত নাছিল কোনো ধৰণৰ বিবাদ।
নভিতাৰ পৰিয়ালে জানিবলৈ দিয়ে যে ৭৮বছৰীয়া আবাক লৈ তেওঁলোকৰ কোনো সমস্যা নাই। আচলতে আবা আৰু তেওঁৰ পৰিয়ালৰ লোকৰ ফালৰ সমস্যাৰ কাৰণেহে ঘটিছে এই বিচ্ছেদ।
ইপিনে, বিবাহ বিচ্ছেদৰ পত্ৰ পাই নভিতা চিন্তাত পৰিছে বুলি জানিবলৈ দিয়ে পৰিয়ালৰ লোকে।
আনহাতে, আবাৰ পৰিয়ালৰ লোকে অভিযোগ কৰে যে নভিতা বিয়াৰ পূৰ্বেই অন্ত:সত্ত্বা আছিল। অৱশ্যে, নভিতাৰ পৰিয়ালে এই অভিযোগ অস্বীকাৰ কৰিছে।