NORTHEAST NOW (Assamese)
উত্তৰ-পূব

স্বাধীনতাৰ ৭৮ বছৰৰ পাছত ত্ৰিপুৰাৰ দুখন দুৰ্গম গাঁৱত লাভ কৰিলে বিদ্যুৎ সেৱা

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী March 1, 2025 6:39 pm
স্বাধীনতাৰ ৭৮ বছৰৰ পাছত ত্ৰিপুৰাৰ দুখন দুৰ্গম গাঁৱত লাভ কৰিলে বিদ্যুৎ সেৱা

বিশ্বগুৰু হোৱাৰ সপোন দেখা এইখন ভাৰতবৰ্ষত এতিয়াও এনে কিছু ঠাই আছে য’ত আজি পৰ্যন্ত উন্নয়নৰ মুখ দেখা নাই। অৱশেষত স্বাধীনতাৰ ৭৮ বছৰৰ পাছত ত্ৰিপুৰাৰ ধলাই জিলাৰ তেনে দুখন দুৰ্গম গাঁও বট্টা পাৰা আৰু সম্ভুৰাম পাৰাত লাভ কৰিলে বিদ্যুৎ সংযোগ।

বিদ্যুৎ সেৱাৰ পৰা বঞ্চিত হৈ অহা এই গাঁও দুখনত ২৮ ফেব্ৰুৱাৰীৰ পৰা বিদ্যুৎ সেৱা উপলব্ধ হয়। সৌৰশক্তিচালিত গ্ৰীড স্থাপনৰ জৰিয়তে বিদ্যুৎ সেৱা লাভ কৰে। উল্লেখযোগ্য যে গাঁও দুখনত এই সৌৰশক্তিৰ প্ৰকল্পটোৱে ৮২টা পৰিয়ালক উপকৃত কৰিব।

এই বৃহৎ প্ৰকল্পটোৰ উপৰিও গাঁও দুখনত সৌৰচালিত ষ্ট্ৰীট লাইট আৰু উন্নত পানী যোগান ব্যৱ্স্থাও স্থাপন কৰা হৈছে ।

৫০ লাখৰো অধিক ধন ব্যয় সাপেক্ষে এই প্ৰকল্পটো ত্ৰিপুৰা নবীকৰণযোগ্য শক্তি উন্নয়ন সংস্থা(TREDA)ই নিৰ্মাণ কৰা এই প্ৰকল্পটো সম্পূৰ্ণ ত্ৰিপুৰাৰ শক্তি মন্ত্ৰী ৰতন লাল নাথে গাঁওসমূহ পৰিদৰ্শন কৰে।