NORTHEAST NOW (Assamese)
অসম

৪৩ লাখ টকাৰ সোণসহ গুৱাহাটীত ৰে’লৱে ষ্টেশ্যনত এজনক আটক

Posted by: এন ই নাও নিউজ April 28, 2019 12:11 pm
৪৩ লাখ টকাৰ সোণসহ গুৱাহাটীত ৰে’লৱে ষ্টেশ্যনত এজনক আটক

গুৱাহাটী ৰে’লৱে ষ্টেশ্যনত আজি পুৱাই ৮খন সোণৰ বিস্কুটসহ ৰে’লৱে আৰক্ষীয়ে এজন লোকক আটক কৰে।

বৰ্তমান মুম্বাইৰ বাসিন্দা আটকাধীন লোকজনক কেৰেলাৰ কানুৰ জিলাৰ হৰিশ মাহমুদ (৫১) বুলি চিনাক্ত কৰা হৈছে।

ঘটনা সম্পৰ্কত গুৱাহাটী ৰে’লৱে আৰক্ষীয়ে এক প্ৰেছ বিজ্ঞপ্তি যোগে জনোৱা মতে আজি পুৱা প্ৰায় ৭.৪৫ বজাত উপ পৰিদৰ্শক এছ কে সিঙৰ নেতৃত্বত ৰে’লৱে আৰক্ষীৰ এটা তহলদাৰী দলে ষ্টেশ্যনৰ ১নং প্লেটফৰ্মত ৰখাই থোৱা নামনিমুৱা কামৰূপ এক্সপ্ৰেছৰ পৰা সোণসহ লোকজনক আটক কৰে।

আৰক্ষীৰ আগত তেওঁ ডিমাপুৰৰ পৰা কলিকতালৈ গৈ থকা বুলি জানিবলৈ দিয়ে।

আনহাতে ১.৩ কিলো ওজনৰ জব্দ কৰা সোণখিনিৰ বজাৰ মূল্য প্ৰায় ৪৩লাখ টকা হ’ব বুলি ৰে’লৱে আৰক্ষীয়ে জানিবলৈ দিয়ে। পিছত আটকাধীন লোকজনক সোণসহ শুল্ক বিভাগৰ হাতত গতাই দিয়া হয়।