NORTHEAST NOW (Assamese)
অসম

অসম-নগালেণ্ড সীমান্তৱৰ্তী হালোৱাটিঙত অস্ত্ৰ-শস্ত্ৰসহ দুজন নাগা যুৱক আটক

Posted by: এন ই নাও নিউজ April 28, 2019 11:55 am

অসম-নাগালেণ্ড সীমান্তৱৰ্তী হালোৱাটিঙত শনিবাৰে অৰ্থাৎ ২৭ এপ্ৰিলৰ নিশা সেনা-আৰক্ষীৰ অভিযান চলাই অস্ত্ৰ-শস্ত্ৰসহ দুজন নাগা লোকক আটক কৰে।

ঘটনাৰ বিৱৰণি মতে শনিবাৰে নিশা চণ্টক সেনা আৰু হালোৱাটিং আৰক্ষীয়ে উক্ত নাগা যুৱক দুজনক আটক কৰে। আটকাধীন যুৱক দুজনক এইচ টিনাউ ফ’ম আৰু এইচ ভি আয়ং ফ’ম বুলি চিনাক্ত কৰিছে। লগতে আৰক্ষীয়ে তেওঁলোকৰ পৰা এ এছ ০৪ এম ০০২৩ নম্বৰৰ এখন ছাফাৰী গাড়ী, এটা হেণ্ড গ্ৰেণেড, এখন খুকুৰী, নগদ ধনকে ঘৰি আৰু বহু আপত্তিজনক বস্ত জব্দ কৰে।

আৰক্ষীয়ে নাগা যুৱক দুজনক গেলেকীৰ পৰা হালোৱাটিং হৈ নাগালেণ্ডলৈ যোৱাৰ পথতে আটক কৰে। অৱশ্যে আৰক্ষীয়ে বৰ্তমানলৈকে এই সন্দৰ্ভত কোনো তথ্য প্ৰকাশ কৰা নাই।