NORTHEAST NOW (Assamese)

ছত্তীশগড়ত সেনা-মাওবাদীৰ মুখামুখি সংঘৰ্ষ; ৮টা মাওবাদী নিহত,আহত এজন জোৱান

June 15, 2024 3:42 pm · এন ই নাও নিউজ, গুৱাহাটী

শনিবাৰে ছত্তীশগড়ৰ নাৰায়ণপুৰ জিলাত সেনা-মাওবাদীৰ মুখামুখি সংঘৰ্ষ সংঘটিত হয়৷এই গুলীচালনাতৰ সময়ত ৮ টা নক্সালবাদী নিহত হোৱাৰ বিপৰীতে এজন জোৱান আহত হয়।অভুজমাদৰ অৰণ্যত নিৰাপত্তাৰক্ষী আৰু নক্সালবাদীৰ মাজত সংঘৰ্ষ সংঘটিত হয়৷

সংবাদ সংস্থা পিটিআইক জনোৱা মতে, এই এনকাউণ্টাৰৰ সময়ত নাৰায়ণপুৰ, কাংকেৰ, দান্তেৱাড়া আৰু কোণ্ডাগাঁৱৰ চাৰিখন জিলাৰ নিৰাপত্তাৰক্ষী নক্সাল বিৰোধী অভিযানত ওলাই আহিছিল।

চাৰিখন জিলাৰ জিলা ৰিজাৰ্ভ গাৰ্ডৰ জোৱান, বিশেষ টাস্ক ফ’ৰ্চ (এছটিএফ) আৰু ভাৰত-তিব্বতী সীমান্ত আৰক্ষীৰ ৫৩ নং বেটেলিয়নক লৈ যোৱা ১২ জুনত এই অভিযান আৰম্ভ কৰা হৈছিল।

Related News