NORTHEAST NOW (Assamese)
দেশ

চাইবাৰ ফান্দ! অনলাইনত কে ৱাই চি আপডেট কৰিবলৈ গৈ সৰ্বশ্ৰান্ত গ্ৰাহক

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী December 9, 2023 5:19 pm
cyber scam

চাইবাৰ ক্ৰাইমে সম্প্ৰতি দেশত ধাৰণ কৰিছে ভয়ংকৰ ৰূপ। চাইবাৰ ফান্দত ভৰি দি সৰ্বশ্ৰান্ত হোৱা অনেক খবৰ দৈনিক প্ৰকাশ পাই আহিছে। এনে এক চাইবাৰ ফান্দৰ চিকাৰ হৈ কলকাতাৰ এজন ৮৩ বছৰীয়া অৱসৰপ্ৰাপ্ত চৰকাৰী বিষয়াই হেৰুৱাইছে সঞ্চিত সমুদায় ধন।

প্ৰকাশিত বাতৰি অনুসৰি, সিনহাৰ পেঞ্চন একাউণ্ট থকা বেংক শাখাটোৰ পৰা তেওঁলৈ আহে এটা ফোনকল। ফোন কৰা ব্যক্তিজনে সিনহাক কে ৱাই চিৰ সবিশেষ অনলাইনত পৰীক্ষা কৰিবলৈ সহায় কৰাৰ প্ৰস্তাৱ দি লুণ্ঠনৰ জাল পেলায়।

লক্ষনীয়ভাৱে, সিনহাৰ পেঞ্চনৰ কাম-কাজ বেংকৰ শাখাৰ যিখন টেবুলৰ পৰা পৰিচালনা হয়, সেই টেবুলৰ পৰা ফোন কৰা বুলি ব্যক্তিজনে উল্লেখ কৰে। সেয়েহে তেওঁ পতিয়ন যায় আৰু ফোনত দিয়া নিৰ্দেশনা মানি নিজৰ কে ৱাই চি অনলাইনত আপডেট কৰিবলৈ সন্মতি দিয়ে।

তেওঁ সদৰী কৰা মতে, যোৱা ১১ নৱেম্বৰত দুপৰীয়া তেওঁলৈ এই ফোনকল আহিছিল। ফোনত ব্যক্তিজনে সিনহাৰ একাউণ্ট নম্বৰো স্পষ্টকৈ উল্লেখ কৰে আৰু বেংক একাউন্ট বন্ধ হৈ পৰা বুলি উল্লেখ কৰি কে ৱাই চি আপডেট কৰিব লাগিব বুলি জানিবলৈ দিয়ে।

ফোনকলৰ নিৰ্দেশনা মতেই আগবাঢ়ে সিনহা। কিন্তু অৱশেষত তেওঁ এই প্ৰক্ৰিয়াত কিছু অসুবিধাৰ সন্মুখীন হৈ নিজৰ ১১ বছৰীয়া নাতিৰ হাতত বাকী থকা প্ৰক্ৰিয়াখিনি সম্পন্ন কৰাৰ উদ্দেশ্যে ফোনটো দিয়ে।

কিন্তু কিছুসময় পিছতে সিনহাই নিজৰ একাউণ্টৰ পৰা ২,৫৭,৬৫০ টকা উলিয়াই নিয়াৰ মেছেজ লাভ কৰে আৰু লগে লগে ফোনকলটো কাটি দিয়ে আনফালৰ ব্যক্তিজনে। তেতিয়াহে সিনহাই তেওঁ প্ৰৱঞ্চনাৰ বলি হোৱা বুলি জানিব পাৰে।