NORTHEAST NOW (Assamese)

ঘৃণনীয়; ঘৰত অকলে থকাৰ সুযোগ লৈ ৯০ বছৰীয়া বৃদ্ধাক ধৰ্ষণ এজন যুৱকৰ

October 28, 2020 1:00 pm · এন ই নাও নিউজ
প্ৰতিনিধিত্বমূলক চিত্ৰ

মানৱ সমাজক লজ্জানত কৰা এটা ঘটনা সংঘটিত হৈছে উত্তৰ-পূবৰ ৰাজ্য ত্ৰিপুৰাত। ৰাজ্যখনৰ এগৰাকী ৯০ বছৰীয়া বৃদ্ধাক ধৰ্ষণ কৰা ঘটনাই দেশজুৰি তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে।

ধৰ্ষণৰ এই ঘটনাটো সংঘটিত হৈছে উত্তৰ ত্ৰিপুৰা জিলাৰ কাঞ্চনপুৰৰ বৰালদি গাঁৱত।

ৰাজ্যবাসীয়ে দুৰ্গোৎসৱ পালন কৰি থকাৰ সময়তে ঘৰত অকলে থকাৰ সুযোগ লৈ বৃদ্ধাগৰাকীৰ সৈতে এজন যুৱকে এই অমানৱীয় কাণ্ড সংঘটিত কৰে।

ঘটনা সংঘটিত কৰা অভিযুক্ত যুৱকজনক অঞ্জন নম বুলি চিনাক্ত কৰা হৈছে। বৰ্তমান যুৱকজন পলাতক অৱস্থাত আছে।

উল্লেখ্য যে বৃদ্ধাগৰাকীৰ পৰিয়ালৰ লোকে কাঞ্চনপুৰ আৰক্ষী থানাত এজাহাৰ দিয়াৰ পিছতহে এই ঘটনা পোহৰলৈ আহে।

২৪ অক্টোবৰৰ নিশা এই ঘৃণনীয় ঘটনাটো সংঘটিত হয় বুলি ভুক্তভোগী বৃদ্ধাগৰাকীয়ে জানিবলৈ দিয়ে।

স্মৰ্তব্য যে বিগত দিন সমূহত ত্ৰিপুৰাত কেইবাটাও লজ্জাজনক ঘটনা সংঘটিত হৈছে যদিও শেহতীয়াকৈ পোহৰলৈ অহা এই ঘটনাটোৱে সচেতন মহলত জোকাৰণিৰ সৃষ্টি কৰিছে।

Related News