NORTHEAST NOW (Assamese)
অসম

নাগালেণ্ডত ২৭৮১ গৰাকী লোক কোভিড-১৯ প’জিটিভ

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ August 9, 2020 6:36 pm
নাগালেণ্ডত ২৭৮১ গৰাকী লোক কোভিড-১৯ প’জিটিভ

দেওবাৰে নাগালেণ্ডত নতুনকৈ ৯৩ গৰাকী লোকৰ শৰীৰত ক’ৰ’না ভাইৰাছৰ উপস্থিতি ধৰা পৰে।

ইয়াৰ ফলত ৰাজ্যখনত মুঠ ক’ৰ’না আক্ৰান্তৰ সংখ্যা ২,৭৮১ গৰাকীলৈ বৃদ্ধি পায়।

বিগত ২৪ ঘণ্টাত নাগালেণ্ডত কৰা মুঠ ৮০০ টা ক’ৰ’নাৰ পৰীক্ষাৰ ভিতৰত ৯৩ গৰাকী লোকৰ শৰীৰত ক’ৰ’না ভাইৰাছৰ উপস্থিতি ধৰা পৰে বুলি নাগালেণ্ডৰ স্বাস্থ্য মন্ত্ৰী এছ পাংগানু ফোমে টুইট যোগে উল্লেখ কৰে।

স্বাস্থ্য মন্ত্ৰী গৰাকীয়ে নাগালেণ্ডৰ নতুনকৈ ক’ৰ’না আক্ৰান্ত লোক সকলৰ ভিতৰত ৬২ গৰাকী ডিমাপুৰৰ, ২০ গৰাকী কহিমাৰ, পাৰেন জিলাৰ ৮ গৰাকী আৰু মন জিলাৰ দুগৰাকী বুলি জানিবলৈ দিয়ে।

আনহাতে, ক’ৰ’না প’জিটিভ লোক সকলৰ সংস্পৰ্শলৈ অহা লোক সকলকো ৰাজ্যখনৰ স্বাস্থ্য বিভাগে চিনাক্ত কৰি কোৱাৰেণ্টাইন কৰাৰ বাবে ব্যৱস্থা গ্ৰহণ কৰিছে বুলি জানিব দিয়ে।

বৰ্তমান নাগালেণ্ডৰ বিভিন্ন চিকিৎসালয়ত মুঠ ২,৭৮১ গৰাকী সক্ৰিয় ক’ৰ’না ৰোগী থকাৰ বিপৰীতে ৮৩৯ গৰাকী লোক চিকিৎসাৰ অন্তত সুস্থ হৈ উঠিছে।

এতিয়ালৈ নাগালেণ্ডত সাত গৰাকী লোকৰ ক’ৰ’নাৰ সংক্ৰমণৰ ফলত মৃত্যু হৈছে।