NORTHEAST NOW (Assamese)
অসম

বৰ্ণাঢ্য কাৰ্যসূচীৰে শিৱসাগৰত সুধাকণ্ঠৰ ৯৩তম জন্মদিন উদযাপন

Posted by: পাৰ্শ্বজ্যোতি গগৈ Updated by: পাৰ্শ্বজ্যোতি গগৈ September 8, 2019 5:00 pm
বৰ্ণাঢ্য কাৰ্যসূচীৰে শিৱসাগৰত সুধাকণ্ঠৰ ৯৩তম জন্মদিন উদযাপন

সমগ্ৰ ৰাজ্যৰ লগতে শিৱসাগৰতো আজি বৰ্ণাঢ্য কাৰ্যসূচীৰে সুধাকণ্ঠ ড০ ভূপেন হাজৰিকাৰ ৯৩ সংখ্যক জন্মদিন পালন কৰা হয়।

শিৱসাগৰৰ অন্যতম সামাজিক আৰু সাংস্কৃতিক অনুষ্ঠান দিখৌপৰীয়া সন্মিলীত যুৱ সংঘৰ উদ্যোগত, শিৱসাগৰ জিলা প্ৰশাসন আৰু যুৱ দ’লৰ সহযোগত আজিৰ দিনটোক সমন্বয় দিৱস হিচাপে উদযাপন কৰা হয়।

পুৱা ৯ বজাত পতাকা উত্তোলন আৰু ৯.৩০ বজাত জয়দয়াল খেমকা মাতৃ সদনৰ সন্মুখত থকা ভূপেন হাজৰিকাৰ প্ৰতিমূৰ্তিত বন্তি প্ৰজ্বলনেৰে আৰম্ভ হয় সুধাকণ্ঠৰ জন্মদিনৰ দিনজোৰা কাৰ্য্যসূচী।

বন্তি প্ৰজ্বলন কৰে দিখৌপৰীয়া সন্মিলীত যুৱ সংঘৰ উপ-সভাপতি ক্ষীৰোদ নাথ দাসে। পতাকা উত্তোলন কৰে দিখৌপৰীয়া সন্মিলীত যুৱ সংঘৰ সভাপতি ৰতন শইকীয়াই।

ইয়াৰ পিছতেই আৰম্ভ হয় সদৌ অসম ভিত্তিত একক আৰু দ্বৈত শাখাৰ ভূপেন্দ্ৰ সঙ্গীত প্ৰতিযোগিতা। ভূপেনদাৰ চিৰযুগমীয়া গীতৰ কলি দুটা গাই প্ৰতিযোগিতা মুকলি কৰে কমল কটকীয়ে।

কমল কটকী, আশা কটকী আৰু মৃদুল ভূঞা বিচাৰক হিচাপে থকা উক্ত প্ৰতিযোগিতাত অসমৰ বিভিন্ন প্রান্তৰ পৰা অহা শতাধিক প্ৰতিযোগীয়ে অংশগ্ৰহণ কৰে।

সন্ধিয়ালৈ বঁটা বিতৰণী আৰু সাংস্কৃতিক আনুষ্ঠান অনুষ্ঠিত হ’ব। সাংস্কৃতিক অনুষ্ঠানত শিৱসাগৰৰ অডিঅ’ চিটিৰ শিল্পীসকলে গীত পৰিৱেশন কৰিব।