NORTHEAST NOW (Assamese)
অসম

উত্তৰ-পূবক বিশেষ ক্ষমতা দিয়া ৩৭১-ৰ আটাইকেইটা উপ-অনুচ্ছেদ বাহাল থাকিব : অমিত শ্বাহ

Posted by: কল্পজ্যোতি শইকীয়া Updated by: কল্পজ্যোতি শইকীয়া September 8, 2019 5:23 pm
Amit Shah_Assam Visit

অসম পদাধিকাৰী আইন মহাবিদ্যালয়ত ৬৮ সংখ্যক উত্তৰ পূব পৰিষদৰ সন্মিলনত উপস্থিত থকা কেন্দ্ৰীয় গৃহ মন্ত্ৰী অমিত শ্বাহে কয় যে উত্তৰ-পূবক বিশেষ ক্ষমতা দিয়া ৩৭১-ৰ আটাইবোৰ ধাৰা বাহাল থাকিব।

কাশ্মীৰৰ ক্ষেত্ৰত প্ৰযোজ্য অনুচ্ছেদ ৩৭০ বাতিল কৰাৰ ফলত উদ্ভৱ হোৱা শংকাৰ প্ৰসংগত শ্বাহে এইদৰে কয়।

“৩৭০ এটা অস্থায়ী ব্যৱস্থা আছিল আৰু ই ২৮টা বাধা দি আছিল”, শ্বাহৰ মন্তব্য।

সংবিধানৰ 371 A (নাগালেণ্ড), 371 B (অসম) 371 C (মণিপুৰ) 371 F (ছিক্কিম) 371 G (মিজোৰাম) 371 H (অৰুণাচল প্ৰদেশ) অনুচ্ছেদকেইটাই উত্তৰ-পূবৰ ৰাজ্যবোৰক জম্মু আৰু কাশ্মীৰৰ দৰেই বিশেষ অধিকাৰ দি আহিছে।

সন্মিলনত আজি কেন্দ্ৰীয় গৃহ মন্ত্ৰীজনে মহান বিশ্ববিশ্ৰুত শিল্পী ভূপেন হাজৰিকাক প্ৰশংসাৰে নিজৰ ভাষণ আৰম্ভ কৰে।

শ্বাহে প্ৰয়াত মহান শিল্পীজনৰ জন্মদিনটোক শুভ দিন আখ্যা দি তেওঁক সমগ্ৰ উত্তৰ-পূবৰ সংস্কৃতিৰ এম্বেচাদৰ আখ্যা দিয়ে আৰু কয়, “নৰেন্দ্ৰ মোদীয়ে তেওঁক প্ৰকৃত সন্মান দিলে”।

উত্তৰ-পূবৰ আঠোখন ৰাজ্যৰ আঠজন মুখ্য মন্ত্ৰীয়ে ভাগ লোৱা সন্মিলনত কেন্দ্ৰীয় গৃহ মন্ত্ৰীজনে উত্তৰ-পূবক বাদ দি ভাৰতৰ বিকাশ অসম্ভৱ বুলি কয়।

“দেশৰ সুৰক্ষাৰ বাবেও অঞ্চলটো গুৰুত্বপূৰ্ণ। এখন সৰু ভাৰতেই উত্তৰ-পূব। সঁচাকৈয়ে দেশৰ ইঞ্জিন উত্তৰ পূব”, অমিত শ্বাহে নিজৰ ভাষণত কয়।

“আগতে উত্তৰ-পূবক সন্ত্ৰাসবাদ, সীমা বিবাদৰ বাবেহে জনা গৈছিল, এতিয়া বিকাশৰ বাবে জনা যায়” কেন্দ্ৰীয় গৃহ মন্ত্ৰীজনৰ মন্তব্য।

পূৰ্বৰ ৭০ বছৰতকৈ এই পাঁচ বছৰত অধিক উন্নয়ন হৈছে বুলি দাবী কেন্দ্ৰীয় মন্ত্ৰীজনৰ।

২০২২ চনৰ ভিতৰত সমগ্ৰ উত্তৰ-পূবৰ আটাইবোৰ ৰাজ্যক ৰে’লেৰে সংযোগ কৰাৰ লক্ষ্য লোৱা বুলি ঘোষণা শ্বাহৰ৷

সন্মিলনত মুখ্য মন্ত্ৰীসকলৰ উপৰি উত্তৰ-পূবৰ ৮খন ৰাজ্যৰ মুখ্য মন্ত্ৰী, ৰাজ্যপাল, আৰক্ষী সঞ্চালক প্ৰধানকে ধৰি অসমৰ সাংসদৰসকলেও অংশ গ্ৰহণ কৰিছে।