NORTHEAST NOW (Assamese)
অসম

বৰপেটাত কামৰূপীয়া লোকগীতৰ বিশিষ্ট শিল্পী গোকুল পাঠকৰ ৯৩ সংখ্যক জন্মদিন পালন

Posted by: পুলেন্দ্ৰ দাস October 14, 2018 8:54 pm
20181014_183730 (1)

কামৰূপীয়া লোকগীতৰ ধাৰক-বাহক, শিল্পী-সাহিত্যিক, সাংবাদিক তথা বৰপেটাৰ মহীৰূহ গোকুল পাঠকৰ ৯৩ সংখ্যক জন্মদিনটো আজি বিয়লি এক গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানৰ মাজেৰে বৰপেটা সাহিত্য সভা ভৱনত অনুষ্ঠিত হয়।

অনুষ্ঠানত অংশগ্ৰহণ কৰি বৰপেটা সত্ৰৰ ইতিহাস প্ৰণেতা তথা লোকসংগীত শিৰোমণি বঁটা প্ৰাপক গোকুল পাঠকে ৰাইজৰ আশীৰ্বাদত ইমান বছৰে জীয়াই থকা বুলি স্বীকাৰ কৰি কয়- ‘পৃথিৱীখন সকলোৰে বাবে ক্ষন্তেকীয়া ঘৰ৷ এই পৃথিৱীত কোনোৱে চিৰদিন থাকিব নোৱাৰে, এদিন সকলোৱে এই পৃথিৱীৰ পৰা যাবই লাগিব। তথাপি পৃথিৱীখন এৰি যাবলৈ মোহ লাগে৷”

ইফালে লোকসংগীত শিৰোমণি শ্ৰী গোকুল পাঠক জন্মদিন উদযাপন সমিতিৰ উদ্যোগত অনুষ্ঠিত এই অনুষ্ঠানতে কামৰূপীয়া লোকগীতক জনপ্ৰিয় কৰা বিশিষ্টা লোকগীত শিল্পী স্নেহলতা দাসক “লোকসংগীত শিৰোমণি শ্ৰীগোকুল পাঠক বঁটা” প্ৰদান কৰা হয়৷ এই বঁটাটো আনুষ্ঠানিকভাৱে প্ৰদান কৰে গোকুল পাঠকে৷

শোভাৰাণী দাস আৰু মাধন ভূঞা শৰ্মাই আঁত ধৰা আজিৰ এই অনুষ্ঠানতে কেইবাটাও অনুষ্ঠান প্ৰতিষ্ঠানে পাঠকক সম্বৰ্ধনা জনায়।