NORTHEAST NOW (Assamese)
Popular Stories

আপুনি জানি আচৰিত হ’ব ছোনিয়া গান্ধীৰ শিক্ষাগত অৰ্হতা

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ March 3, 2020 2:22 pm
10cbc9cec891bdbd70794f604839d506

নিজৰ প্ৰতিভাৰ বলতেই দেশৰ ৰাজনীতিত এক সুকীয়া স্থান দখল কৰিবলৈ সক্ষম হোৱা ভাৰতৰ সবাটোকৈ পুৰণি দল কংগ্ৰেছৰ ৰাষ্ট্ৰীয় সভাপতি ছোনিয়া গান্ধীৰ শিক্ষাগত অৰ্হতা কিমান?

দেশৰ ৰাজনীতিৰ বিভিন্ন উত্থান-পতনৰ সাক্ষী হৈ ৰোৱা ছোনিয়া গান্ধীৰ দৰে নেত্ৰীৰ শিক্ষাগত অৰ্হতাক লৈ বিভিন্ন সময়ত ৰাজনীতিবিদসকলে প্ৰশ্নও উত্থাপন কৰি আহিছে।

ৰাজনীতবিদসকলৰ লগতে দেশৰ সাধাৰণ জনতাই জানিব খোজা ছোনিয়া গান্ধীৰ শিক্ষাগত অৰ্হতাৰ তথ্য পঢ়ুৱৈসকলৰ বাবে আজি আমি ৰাজহুৱা কৰিম।

কেইবাৰো দেশৰ শাসনভাৰ চলোৱা কংগ্ৰেছ দলৰ বৰ্তমানৰ অধ্যক্ষগৰাকী হৈছে স্নাতক ডিগ্ৰীধাৰী। তেওঁ ইংৰাজী আৰু ফ্ৰেন্স বিষয়ত স্নাতক ডিগ্ৰী গ্ৰহণ কৰিছে।

নেত্ৰীগৰাকীয়ে নিৰ্বাচন আয়োগক দিয়া শপতনামাৰ পৰা এই তথ্য জানিব পৰা গৈছে।

ছোনিয়া গান্ধীয়ে জনোৱা অনুসৰি, তেওঁ ১৯৬৪ চনতে ইষ্টিটিউট’ চাণ্টা টেৰেছা (Istituto Santa Teresa)ৰ পৰা তিনিবছৰীয়া ডিগ্ৰী গ্ৰহণ কৰিছিল।

ইয়াৰ ঠিক এবছৰ পিছতেই তেওঁ লেনক্স কুক স্কুল, কেমব্ৰিজৰ পৰা ইংৰাজী বিষয়ত ডিগ্ৰী লাভ কৰা বুলিও নিৰ্বাচন আয়োগক দিয়া শপতনামাত উল্লেখ কৰিছে।