NORTHEAST NOW (Assamese)
Popular Stories

সুৰক্ষিত নহয় ৱাইফাই ডেবিট-ক্ৰেডিট কাৰ্ড; সুৰক্ষিত কৰি ৰাখিবলৈ পঢ়ক

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ March 8, 2020 12:14 pm
6298453b6f4d428b455b3ec8640b1a9f

কিছুমান বেংকে গ্ৰাহকৰ সুবিধাৰ্থে ৱাইফাই ডেবিট আৰু ক্ৰেডিট কাডৰ সুবিধা প্ৰদান কৰিছে, যাৰ দ্বাৰা গ্ৰাহকে কাৰ্ডখন আৰু পিন কোড ব্যৱহাৰ নকৰাকৈ নিজৰ একাউন্টৰ পৰা ধন উলিয়াব পাৰে।

অৱেশ্য এই ব্যৱস্থাৰ দ্বাৰা বেংকৰ একাউন্টহ’ল্ডাৰে ২০০০ টকাহে উলিয়াব পাৰে।

এই কাৰ্ড কিমান সুৰক্ষিত? প্ৰায়ে এই প্ৰশ্নৰ উত্থাপন কৰা হয়।

অলপতে গ্ৰেটাৰ নয়ডাত ডেবিট-ক্ৰেডিট কাৰ্ড আৰু পিন কোড নোহোৱাকৈ ধন উলিয়াই নিয়া দুবৃত্তক কৰায়ত্ত কৰে আৰক্ষীয়ে।

কেনেকৈ দুবৃত্তই ধন উলিয়াই নিব পাৰে?

ৱাইফাই ডেবিট-ক্ৰেডিট কাৰ্ডক অসংযুক্ত অৰ্থাৎ কন্টেকলেছ কাৰ্ড বুলি কোৱা হয়। এই কাৰ্ড আপুনি পকেটত ৰাখিয়ে অৰ্থাৎ ব্যৱহাৰ নকৰাকৈয়ে POS মেচিনৰ পৰা ২০০০ টকালৈকে ধন উলিয়াব পাৰিব।

এই কাৰ্ডত ক্ষীণ আকাৰৰ এটা মেটেল এন্টেনা থাকে। আৰু এই এন্টেনাডালে  ৰেডিঅ’ ফিকুৱেন্সি আইডেন্টিফিকেচন টেকন’লজিৰে কাৰ্ডখনক প্ৰতি মুহূৰ্ততে কাৰ্যক্ষম কৰি ৰাখে।

যেতিয়া কাৰ্ড হ’ল্ডাৰে POS মেচিনৰ ওচৰলৈ যায় তেতিয়াই কাৰ্ডৰ ৰেডিঅ’ ফিকুৱেন্সিৰ দ্বাৰা POS মেচিনটোৱে এটা ছিগনেল দিয়ে আৰু ই স্বয়ংক্ৰিয়ভাৱে সংযুক্ত হোৱাৰ লগে লগে সক্ৰিয় হৈ উঠে।

POS মেচিনৰ আশে পাশে সুযোগৰ সন্ধানত ৰৈ থকা দুবৃত্তই সেই ছিগনেল পোৱাৰ লগে লগে POS মেচিন অ’পাৰেট কৰি ধন উলিয়াই উধাও হয়।

দুবৃত্তৰ পৰা কেনেকৈ হাত সাৰিব?

কাৰ্ডখন এলুমিনিয়ামৰ ফইল(Foil) পেপাৰে মেৰিয়াই ৰাখিব লাগে।এই পেপাৰে কাৰ্ডখনৰ ৰেডিঅ’ ফিকুৱেন্সিক প্ৰতিহত কৰি ৰাখে।

যাৰ ফলত কাৰ্ডখন স্বয়ংক্ৰিয়ভাৱে POS মেচিনৰ সৈতে সংযুক্ত নহয়।

আজি কালি মেটেলৰ ৱালেট পোৱা যায়, তেনে ৱালেট ব্যৱহাৰ কৰিব লাগে।

এই ৱালেটে RFID ব্লক কৰি ৰখাৰ ফলত ৱাইফাই কাৰ্ডখন সুৰক্ষিত হৈ থাকে।

ৱাইফাই কাৰ্ডটো কেতিয়াও কোনো লোককে দিব নেলাগে।

বজাৰ সমাৰ বা হোটেল আদিত পেমেন্ট কৰাৰ সময় শ্বুৱেপ কৰিলেও নিজৰ সন্মুখতে কৰি মোবাইলৰ মেচেজ অহালৈকে অপেক্ষা কৰিব লাগে।