NORTHEAST NOW (Assamese)
অসম

আকাশে বতাহে হোলীগীতৰ ধ্বনি: বৰপেটাত মুকলি পথত হোলীগীত প্ৰতিযোগিতা

Posted by: পুলেন্দ্ৰ দাস Updated by: পুলেন্দ্ৰ দাস March 8, 2020 2:33 pm
holi barpeta

ঐতিহ্যমণ্ডিত বৰপেটা সত্ৰত আজিৰে পৰা আৰম্ভ হৈছে বৰপেটাবাসীৰ প্ৰাণৰ উৎসৱ দৌল মহোৎসৱ ৷দৌল মহোৎসৱৰ আজিৰ প্ৰথম দিনা গন্ধোৎসৱ হিচাপে পালন কৰা হয় ৷

দুপৰীয়াৰ ভাগত সত্ৰৰ টুপৰ চোতালত মেজি সাজে ৷ আবেলি পৰত গায়ন বায়ন ঢুলীয়া সমন্বিতে ভক্তসকলে “দৌল গোবিন্দ” মহাপ্ৰভু আৰু কলীয়া ঠাকুৰ গোসাইক কীৰ্তন ঘৰৰ ভাজঘৰৰ পৰা উলিয়াই স্নান অৰ্চনা কৰি সন্ধিয়া মেজিৰ জুইৰ কাষত আনি সাত পাক প্ৰদক্ষিণ কৰাব ৷

ইয়াৰ পিছত প্ৰভুক জগমোহন গৃহত ৰাখি নক্ষত্ৰৰ ক্ষণ অনুসৰি প্ৰভুক দৌলত আৰোহণ কৰিব ৷

আনহাতে, বিগত কেইবছৰৰ দৰে এইবাৰো দৌল মহোৎসৱৰ প্ৰথম দিনটোত আজি ৰাইজিং ক্লাৱৰ উদ্যোগত অনুষ্ঠিত হয় মুকলি পথত হোলীগীত প্ৰতিযোগিতা ৷

বৰপেটা সত্ৰৰ সন্মুখৰ পৰা উলিওৱা এই হোলীগীত প্ৰতিযোগিতাত অংশ গ্ৰহণ কৰা প্ৰতিযোগীসকলে বাটে বাটে হোলীগীত পৰিবেশন কৰি ৰাইজিং ক্লাৱত উপস্থিত হয়।

এই সমদলত বৰপেটা সত্ৰৰ বুঢ়া সত্ৰীয়া বশিষ্ঠ শৰ্মা, বিশিষ্ট সাহিত্যিক অক্ষয় কুমাৰ মিশ্ৰৰ লগতে কেইবাগৰাকী বিশিষ্ট ব্যক্তিয়ে অংশগ্ৰহণ কৰে ৷