NORTHEAST NOW (Assamese)
অসম

সোণাৰ বৰণ পাখি দৰ্শকৰ বাবে মুক্তি দিব অহা ২৪ নৱেম্বৰত

Posted by: এন ই নাও নিউজ ব্যুৰো, গোৱালপাৰা : November 22, 2017 1:16 pm

গোৱালপাৰীয়া লোকগীতৰ সাম্ৰাজ্ঞী তথা পদ্মশ্ৰী  প্ৰয়াত প্ৰতিমা পাণ্ডে বৰুৱাৰ জীৱন ভিত্তিক বোলছবি ‘সোণাৰ বৰণ পাখি’ অহা ২৪ নৱেম্বৰত একেলগে অসমৰ ১৭ টা প্ৰেক্ষাগৃহত দৰ্শকৰ বাবে মুকলি কৰা হ’ব। সোমবাৰে ইয়াৰ গৌৰীপুৰ পাব্লিক লাইব্ৰেৰিত অনুষ্ঠিত এখন সংবাদমেলত পৰিচালিকা ববী শৰ্মা বৰুৱাই এই কথা জানিবলৈ দিয়ে। লোকসংগীতৰ মহান শিল্পীগৰাকীৰ সংগীত প্ৰেম, কিংবদন্তি শীল্পী ড০ ভূপেন হাজৰিকাৰ সৈতে তেওঁৰ সম্পৰ্ক আদিকে ধৰি জীৱনৰ বিভিন্ন দিশক সামৰি লোৱা চিনেমাখনে ইতিপূৰ্বে কেইবাটাও আন্তঃৰাষ্ট্ৰীয় ফিল্ম মহোৎসৱকে ধৰি বিভিন্ন মঞ্চত প্ৰশংসা লাভ কৰিবলৈ সক্ষম হৈছে। সভাখনত পৰিচালিকা শৰ্মা বৰুৱাৰ লগতে মুখ্য চৰিত্ৰত অভিনয় কৰা অভিনেত্ৰী প্ৰতিমা বৰাই উপস্থিত থাকি এই ক্ষেত্ৰত অঞ্চলটোৰ লোকসকলৰ সমৰ্থন বিচাৰে। সংবাদমেলত জানিবলৈ দিয়া মতে ছবিখন নিৰ্মাণ কৰোতে গৌৰীপুৰ, ধুবুৰীকে ধৰি অসমৰ কেইবা ঠাইতো দৃশ্যগ্ৰহণ কৰা হৈছে। ছবিখনৰ বাজেট প্ৰায় ৩০ লাখ টকা আৰু ইয়াৰ দৈৰ্ঘ্য ৮৬ মিনিট।