NORTHEAST NOW (Assamese)
অসম

কেনেকৈ তীব্ৰ বৰষুণৰ মাজতে আকাশৰ পৰা একুৰা জুই সৰিল ঘাজিয়াবাদত?

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ March 8, 2020 6:05 pm

তীব্ৰ বৰষুণৰ মাজতে বুধবাৰে ঘাজিয়াবাদ ৰেল ষ্টেচনৰ সমীপত আকাশৰ পৰা সৰি পৰা একুৰা জুয়ে অঞ্চলটোত চাঞ্চল্যৰ সৃষ্টি কৰে।

বৰষুণৰ মাজত এক বিৰাট গাজনিৰ পিছতে উল্কাপিণ্ডৰ দৰে জুই টুকুৰাটো খহি পৰাত আতংকিত স্থানীয় লোকসকলে অগ্নিনিৰ্বাপক বাহিনীক খবৰ দিয়ে।

অগ্নিনিৰ্বাপক বাহিনীৰ মতে, তেওঁলোকে জুইকুৰা নুমুৱাৰ পিছত টুকুৰাটো ধোঁৱাই আছিল।

পিছত জিলা দণ্ডাধীশ অজয় শংকৰ পাণ্ডেই বস্তুটোৰ অনুসন্ধান কৰিবলৈ এজন ভূতত্ত্ববিদক তালৈ প্ৰেৰণ কৰে।

ভূতত্ত্ববিদগৰাকীৰ মতে, খহি পৰা বস্তুটোত চ’ডিয়াম আছে আৰু পানীৰ সংস্পৰ্শত সি জ্বলি উঠিছিল।

অধিক পৰীক্ষাৰ বাবে এতিয়া বস্তুটো লক্ষ্ণৌৰ পৰীক্ষাগাৰলৈ প্ৰেৰণ কৰা হৈছে।