NORTHEAST NOW (Assamese)
Popular Stories

দুই অকণি ভগ্নীয়ে সেউজীয়া আৰু পৰিষ্কাৰ কৰি তুলিছে নগালেণ্ডৰ ক’হিমাক

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ March 9, 2020 11:25 am
A young girl%u2019s effort to make Kohima beautifulggg

এগৰাকী ১২ বছৰীয়া কিশোৰী আন গৰাকী ৯ বছৰীয়া। দুয়ো সম্বন্ধত ভগ্নী।

নাম জেন্টিনা য়াউমেই ছাংখু আৰু কীৰেন্নাৰ’ য়াউমেই ছাংখু।

প্ৰকৃতি আৰু পৰিৱেশ সংৰক্ষণৰ এই দুই কিশোৰী ভগ্নীয়ে চৰ্চা লাভ কৰিছে সংবাদ মাধ্যমত।

আজিৰ পৰা দুবছৰ পূৰ্বে দুয়োগৰাকীয়ে আৰম্ভ কৰিছিল ‘এনভাইৰনমেন্টেলি কনচিয়াছ চিল্ড্ৰেন অৰ্গেনাইজেশ্যন’ (ECCO)নামৰ এক ইক’ফ্ৰণ্ডলি ক্লাব।এই ক্লাবৰ যোগেদি দুই ভগ্নীয়ে শিশুসকলক পৰিৱেশৰ প্ৰতি সচেতন কৰাৰ লগতে গৃহ চহৰ ক’হিমাক গঢ়ি তুলিছে সেউজ আৰু পৰিষ্কাৰ চহৰ হিচাপে।

২০১৮ চনত জেন্টিনা আৰু কীৰেন্নাৰ’এ  ECCOৰ প্ৰতিষ্ঠা কৰিছিল। ECCO ৰ ১৫ গৰাকী শিশুৱে প্ৰতি মাহে সভা পাতি মাহেকীয়া আঁচনি যুগুত কৰি সেই আঁচনিক ৰূপায়ণ কৰে।

তেওঁলোকক লগত লৈ দুই ভগ্নীয়ে ক’হিমা চহৰত পৰি থকা পুনৰ ব্যৱহাৰ্যহীন সামগ্ৰী, পলিথিন জাতীয় আৱৰ্জনাবোৰো বুটলি আনি পৰিষ্কাৰ কৰে।

ফল মূলৰ গছ ৰূপন, পৰিৱেশ পৰিষ্কাৰ কৰাৰ লগতে ক’হিমাৰ সৌন্দৰ্যবৰ্দ্ধন আৰু পৰিৱেশ সংৰক্ষণৰ কামো কৰি আহিছে।

ECCOৰ ‘জুনিয়ৰ গ্ৰুপ’ গঠন কৰি তাৰ দ্বাৰা ৪ৰ পৰা ৭ বছৰ শিশুক পৰিৱেশ সংৰক্ষণ সম্পৰ্কীয় শিক্ষা দিয়াৰ ব্যৱস্থাও কৰিছে।

জেন্টিনাই ইতিমধ্যে নাগালেণ্ডৰ মুখ্যমন্ত্ৰীলৈ এখন পত্ৰ প্ৰেৰণ কৰিছে; য’ত তাই লিখিছে যে ক’হিমাৰ শিশুসকলক এখন পৰিষ্কাৰ সেউজ ক’হিমাত জীৱন উদযাপন কৰিবলৈ দয়ক।