NORTHEAST NOW (Assamese)
নাগালেণ্ড

আমাক ভোট দিয়ক আৰু জেৰুছালেম ভ্ৰমণ কৰক: নাগালেণ্ড ভোটাৰক আকৰ্ষিত কৰাৰ প্ৰয়াস বিজেপি আৰু কংগ্ৰেছৰ

Posted by: এন ই নাও নিউজ February 15, 2018 12:23 pm
Representative image

নাগালেণ্ড বিধানসভাৰ দিন চমু চাপি অহাৰ লগে লগে ৰাষ্ট্ৰীয় দল ভাৰতীয় জাতীয় কংগ্ৰেছ আৰু ভাৰতীয় জনতা পাৰ্টীয়ে ভোটাৰ সকলক আকৃষ্ট কৰাৰ বাবে কোনো ধৰণৰ ক্ৰুটি এৰা নাই।

তাৎপৰ্যপূৰ্ণ কথা যে খ্ৰীষ্টান অধ্যুষিত ৰাজ্যখনত কংগ্ৰেছ আৰু বিজেপিয়ে ক্ষমতা হস্তগত কৰাৰ উদ্দেশ্যে ন ন কৌশল অৱলম্বন তথা বিভিন্ন লোভনীয় ধাৰ্মিক প্ৰস্তাবেৰে ভোটাৰ ৰাইজক আকৰ্ষিত কৰা পৰিলক্ষিত হৈছে।

নাগালেণ্ডত যদিহে বিজেপিক শাসনলৈ আনে তেন্তে ৰাজ্যখনৰ বয়োজ্যেষ্ঠ নাগৰিক সকলক খ্ৰীষ্টান ধৰ্মৰ পৱিত্ৰ ঠাই জেৰুছালেমলৈ বিনামূলীয়াকৈ ভ্ৰমণ কৰাব বুলি নাগালেণ্ড বিজেপিয়ে ৰাজ্যবাসীৰ আগত এই আকৰ্ষণীয় প্ৰস্তাৱ ঘোষণা কৰে।

আনহাতে বিজেপিয়ে ঘোষণা কৰাৰ পূৰ্বেই কংগ্ৰেছে ঘোষণা কৰিছে যে তেওঁলোক শাসনত আহিলে জেৰুছালেম ভ্ৰমণৰ বাবে ৰাজসাহাৰ্য প্ৰদান কৰিব কিন্তু এতিয়া বিজেপিৰ প্ৰস্তাৱে কংগ্ৰেছক অশ্বস্তিত পেলোৱাই নহয় তেওঁলোকৰ প্ৰস্তাৱ এতিয়া গুৰুত্বহীন হোৱাও পৰিলক্ষিত হয়।

নাগালেণ্ড প্ৰদেশ কংগ্ৰেছ কমিতিয়ে ছ’চিয়েল মিডিয়া যোগে নিৰ্বাচনী ঘোষণা পত্ৰ মুকলি কৰি কয় যে দলে এখন বোৰ্ড গঠন কৰিব আৰু সেই বোৰ্ডে নাগৰিক সকলক জেৰুছালেম ভ্ৰমণৰ ক্ষেত্ৰত সহায় কৰিব।

‘ৰাজ্য চৰকাৰৰ এক অধিনিয়ম অনুসৰি ৰাজ্যখনৰ সংঘ্যালঘু লোক সকলক ধৰ্মীয় ঠাই পৰিদৰ্শনৰ সুবিধাৰ্থে এখন বোৰ্ড গঠন কৰি দিম আৰু এই বোৰ্ডে লোক সকলক ৰাজসাহাৰ্যৰ জৰিয়তে ভ্ৰমণ কৰাব’ নাগালেণ্ড কংগ্ৰেছে নিৰ্বাচনী ঘোষণা পত্ৰৰ জৰিয়তে এইদৰে কয়।

কংগ্ৰেছৰ এনে আকৰ্ষণীয় প্ৰস্তাৱৰ বিপৰীতে এখোজ ওপৰত বিজেপি। কংগ্ৰেছৰ ৰাজসাহাৰ্যৰ বিপৰীতে বিজেপিয়ে একে প্ৰস্তাৱ ঘোষণা কৰিছে বিনামূলীয়াকৈ।

এতিয়াও বিজেপিৰ ঘোষণা পত্ৰ ৰাজহুৱা কৰিবলৈ বাকী আছে যদিও এক ভিতৰুৱা শুত্ৰই স্বীকাৰ কৰে যে বিজেপিৰ নিৰ্বাচনী ঘোষণা পত্ৰৰ পৰা জেৰুছালেমলৈ বিনামূলীয়াকৈ ভ্ৰমণ কৰোৱা কথাটো ফাদিল হৈছে আৰু ৰেডিঅ’ত এইটো প্ৰকাশো পাইছে।

অৱশ্যে কেন্দ্ৰীয় ৰাজ্যিক গৃহ মন্ত্ৰী তথা নাগালেণ্ড ৰাজ্যৰ বিজেপিৰ হৈ নিৰ্বাচনী দায়িত্বত থকা কিৰেন ৰিজিজুৱে ধৰ্মৰ ভিত্তিত ৰাজনীতি নকৰিবলৈ সকলোকে আহ্বান জনায়।

‘সৰ্বসাধাৰণ ৰাইজৰ আশা আকাংখা পূৰণ কৰা আৰু উন্নয়নমূলক কাম কাজৰ বাবেহে ৰাজনীতি আনহাতে ধৰ্ম হ’ল মানুহৰ আত্মা আৰু মনৰ শান্তি’ বুধবাৰে  ৰাজ্যখনৰ মন জিলাত বিজেপি আৰু এনডিপিপিয়ে আয়োজিত যুটীয়া নিৰ্বাচনী সভাত কিৰেন ৰিজিজুৱে এনেদৰে মন্তব্য কৰে।