NORTHEAST NOW (Assamese)
অসম

পুৰণিগুদামৰ চলচলীত বন বিভাগৰ অভিযানত এক লাখ টকা মূল্যৰ চোৰাং কাঠ জব্দ

Posted by: ভাৰ্গব হাজৰিকা Updated by: ভাৰ্গব হাজৰিকা March 12, 2020 6:26 pm
Puranigudam story

এক গোপন সূত্ৰৰ পম খেদি বৃহস্পতিবাৰে বিয়লি পুৰণিগুদামৰ নিকটৱৰ্তী চলচলী বঙলাচুকত বন বিভাগে অভিযান চলাই প্ৰায় এক লাখ টকা মূল্যৰ চোৰাং কাঠ জব্দ কৰিবলৈ সক্ষম হয়।

বন সুৰক্ষা বাহিনীৰ আনন্দ কাকতিৰ নেতৃত্বত সদৰ আঞ্চলিক বন বিষয়া কাৰ্য্যালয়ৰ বনকৰ্মী আৰু বন সুৰক্ষা বাহিনীৰ এটা দলে অতৰ্কিতে অভিযান চলাই চোৰাং কাঠখিনি জব্দ কৰে।

বন বিভাগৰ দলটোৱে জব্দ কৰা কাঠখিনি মাকৈ শাল বুলি সংবাদ মাধ্যমক জানিবলৈ দিছে।

অৱশ্যে, অতি উদ্বেগজনকভাৱে চোৰাং কাঠৰ এই অবাধ বেহাৰ সৈতে জড়িত কোনো অসাধু লোককে কৰায়ত্ব কৰিবলৈ সক্ষম নহ’ল বন বিভাগৰ অভিযানকাৰী দলটোৱে।

উল্লেখযোগ্য যে, চলচলী বঙলাচুক অঞ্চলত পূৰ্বৰে পৰা চোৰাং কাঠৰ ৰমৰমীয়া বেহাৰ লগতে দুষ্ট চক্ৰই অবৈধ কাঠফলা মিল চলাই থকাৰ গুৰুতৰ অভিযোগ উত্থাপন হৈ আহিছিল।

শাসনাধিষ্টিত ৰাজ্য চৰকাৰখনে দুৰ্নীতিমুক্ত অসম গঢ়াৰ শ্লোগান দিয়াৰ সময়তে একাংশ অসাধু চক্ৰই অবাধ হাৰত বনধ্বংস যজ্ঞ চলাই আহিছে বিশেষকৈ নগাঁও-কাৰ্বিআংলং সীমান্তত সম্প্ৰতি পাহাৰৰ গছ-গছনি কাটি তহিলং কৰা সকলোৰে চকুত পৰিছে।