NORTHEAST NOW (Assamese)
Popular Stories

শব্দৰ বিপৰীতে সংগীতে সহজে মনৰ ভাৱ প্ৰকাশ কৰাত সহায় কৰে : পাপন

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ March 12, 2020 9:29 pm
Story-6-4-750x375

বহু বছৰ ধৰি বলিউদত কণ্ঠ নিগৰাই অহা অসম সন্তান অংগৰাগ পাপন মহন্ত যথেষ্ট উৎসাহী হৈ আছে তেওঁৰ নতুন গান ‘আয়ে মেৰা জিন্দেগী’ৰ বাবে।

অহা ২০ মাৰ্চত ছবি গৃহত আহিব লগীয়া হিন্দী ছবি ‘বাবলু বেচ্ছেলৰ’ৰ বাবে এই গীতটো গাইছে পাপনে।

জনপ্ৰিয় নিউজ এজেন্সি এটাক দিয়া সাক্ষাতত কণ্ঠশিল্পী গৰাকীয়ে কয় যে সহজে কাৰোবাৰ মনৰ অনুভৱ প্ৰকাশ কৰাত সংগীতেই সহায় কৰে।

‘কেতিয়াবা শব্দৰে মনৰ ভাৱ প্ৰকাশ কৰাতো টান হৈ পৰে। কিন্তু সংগীতে সহজতে এই কাম কৰাত সহায় কৰে’, পাপনে এইদৰে কয়।

আনহাতে নতুন গানটোৰ কথা জানিবলৈ দি পাপনে কয়, ‘এইটো এটা বিৰাট সুন্দৰ আৰু হৃদয়স্পৰ্শী গান। মই সুখী যে এনেধৰণৰ হৃদয়স্পৰ্শী গান গাব সুযোগ পাইছো’।

জীত গাংগুলীয়ে সংগীত ব্যৱস্থাপনা কৰা এই গানটো ইতিমধ্যে দৰ্শকৰ মন মুহিবলৈ সক্ষম হৈছে।

অগ্নিদেৱ চেতাৰ্জীয়ে পৰিচালনা কৰা ‘বাবলু বেচ্ছেলৰ’ ছবিখনৰ মুখ্য চৰিত্ৰত অভিনয় কৰিছে চাৰমান যোশী, পূজা চোপ্ৰা আৰু তেজস্ৰী প্ৰধানে।

উল্লেখ্য যে বলিউদত ‘মোহ মোহ কে ধাগে’, ‘কিউ’, ‘বানাও বানাও’ আদি গীতৰ জৰিয়তে জনপ্ৰিয়তাৰ শীৰ্ষত অধিষ্ঠিত হৈছে অসম সন্তান অংগৰাগ পাপন মহন্ত।

২০০৫ চনত ‘জোনাকী ৰাতি’ নামৰ এটা আধুনিক গীতৰ এলবামৰ জৰিয়তে পাপনে জনপ্ৰিয়তা লাভ কৰিছিল অসমত।