NORTHEAST NOW (Assamese)
Popular Stories

অখিল গগৈৰ মুক্তিৰ দাবীত নুমলীগড়ৰ পৰা গুৱাহাটীলৈ ৪ যুৱকৰ পদযাত্ৰা

Posted by: ভার্গব হাজৰিকা Updated by: ভার্গব হাজৰিকা March 13, 2020 2:05 pm

ৰাষ্ট্ৰদ্ৰোহৰ গোচৰত অভিযুক্ত হৈ বিগত প্ৰায় তিনি মাহ ধৰি গুৱাহাটীৰ কেন্দ্ৰীয় কাৰাগাৰত কাৰাবন্দী হৈ আছে কৃষক মুক্তি সংগ্ৰাম সমিতিৰ নেতা অখিল গগৈ।

অখিল গগৈৰ মুক্তিৰ দাবীত বিভিন্ন ঠাইত কৃষক মুক্তিৰ সদস্যসকলে প্ৰতিবাদী কাৰ্যসূচী অব্যাহত ৰখাৰ সমান্তৰালভাৱে যোৱা ৯ ফেব্ৰুৱাৰিৰ পৰা নুমলীগড়ৰ পৰা গুৱাহাটীৰ কেন্দ্ৰীয় কাৰাগাৰলৈ পদযাত্ৰা আৰম্ভ কৰা চাৰিজন যুৱক আজি পুৰণিগুদামত উপস্থিত হয়।

যুৱককেইজনৰ নাম পিণ্টু গগৈ, যতীন ফুকন, প্ৰাঞ্জল বৰা আৰু হীৰক জ্যোতি শইকীয়া।

পুৰণিগুদামত উপস্থিত হৈ যুৱকৰ দলটোৱে স্থানীয় ৰাইজ আৰু সংবাদ মাধ্যমৰ লোকৰ সৈতে কথা পাতে। ২০২১ৰ বিধানসভা নিৰ্বাচনৰ প্ৰতি লক্ষ্য ৰাখি শাসনাধিষ্ঠ বিজেপি চৰকাৰে অখিল গগৈক ষড়যন্ত্ৰমূলক ভাবে কাৰাৰুদ্ধ কৰি থৈছে বুলি তেওঁলোকে অভিযোগ কৰে।

অসম আৰু অসমীয়াৰ স্বাৰ্থত সদায় মাত মাতি অহা গগৈৰ মুক্তিৰ দাবীত সমূহ অসমবাসী ৰাইজক ওলাই আহিবলৈ তেওঁলোকে আহ্বান জনায়।