NORTHEAST NOW (Assamese)
অসম

ৰূপহীহাটত ৫ লক্ষাধিক টকাৰ নিচাযুক্ত দ্ৰব্যৰ সৈতে এজনক আটক

Posted by: ভার্গব হাজৰিকা Updated by: ভার্গব হাজৰিকা March 16, 2020 1:37 pm

নগাঁও জিলাৰ ৰূপহীহাটৰ বিভিন্ন ঠাইত সোমাবাৰে পুৱতি নিশা নগাঁও আৰক্ষীয়ে ৰূপহীহাট আৰক্ষীৰ সহযোগত ব্যাপক ড্ৰাগছ বিৰোধী অভিযান চলায়।

অভিযান কালত আৰক্ষীৰ দলে এজন ড্ৰাগছ ব্যৱসায়ীক আটক কৰাৰ লগতে জব্দ কৰিবলৈ সক্ষম হয় ৭৮টা নিচাযুক্ত দ্ৰব্যৰ বটলৰ কাৰ্টুন।

ধৃত ব্যৱসায়ীজন ৰূপহীহাট তিনিআলিৰ আশ্চিক ইকবাল চৌধুৰী বুলি ৰূপহীহাট আৰক্ষীৰ ভাৰপ্ৰাপ্ত বিষয়া গৰাকীয়ে জানিবলৈ দিয়ে।

আৰক্ষীয়ে অনুমান কৰা মতে আশ্চিকৰ ঘৰৰ পৰা জব্দ কৰা নিচাযুক্ত দ্ৰব্যৰ বটলখিনিৰ মূল্য ৫ লাখতকৈ অখিক হ’ব।

উল্লেখযোগ্য যে দীৰ্ঘদিন ধৰি এটা ড্ৰাগছ সৰবৰাহকাৰী চক্ৰৰ সৈতে মিলি আশ্চিক ইকবালে অঞ্চলটোত নিচাযুক্ত দ্ৰব্যৰ বেহা চলাই থকাৰ খবৰ পাইছিল আৰক্ষীয়ে।

পৰৱৰ্তী সময়তো অবৈধ ড্ৰাগছ ব্যৱসায় চক্ৰক উৎখাত কৰিবলৈ আৰক্ষীয়ে অভিযান চলাই যাব বুলি জানিবলৈ দিছে।