NORTHEAST NOW (Assamese)
Popular Stories

কাৰাগাৰৰ ভিতৰৰ পৰাই কৃষক নেতা অখিল গগৈক ৰাষ্ট্ৰদ্ৰোহৰ গোচৰত গ্ৰেপ্তাৰ শিৱসাগৰ আৰক্ষীৰ

Posted by: কল্পজ্যোতি শইকীয়া Updated by: কল্পজ্যোতি শইকীয়া March 19, 2020 9:08 am
Chabua police arrest Akhil Gogoi from jail

আজি পুৱা ৫-৩০বজাত গুৱাহাটী কেন্দ্ৰীয় কাৰাগাৰৰ পৰা কৃষক নেতাজনক শিৱসাগৰ আৰক্ষীয়ে ৰাষ্ট্ৰদ্ৰোহৰ গোচৰত গ্ৰেপ্তাৰ কৰি নিয়ে।

জাইল’ আৰু বলেৰ’ গাড়ীৰে অহা শিৱসাগৰ আৰক্ষীৰ দল এটাই কৃষক নেতা অখিল গগৈৰ গ্ৰেপ্তাৰ কৰি নিজৰ জিম্মাত লোৱা বুলি জানিব পৰা গৈছে।

শিৱসাগৰ সদৰ আৰক্ষীৰ দলটোৱে তিনিদিন পূৰ্বৰে পৰা গুৱাহাটীত বাহৰ পাতি আছিল বুলি জানিব পৰা গৈছে।

যোৱা ১৭ মাৰ্চত NIA গোচৰৰ পৰা মুক্ত হৈছিল কৃষক নেতাগৰাকী। কিন্তু জামিন লাভ কৰাৰ লগে লগে শিৱসাগৰ আৰক্ষীয়ে অখিলক ৪ দিনৰ বাবে নিজৰ জিম্মাত বিচাৰি শিৱসাগৰ মুখ্য ন্যায়িক দণ্ডাধীশ আদালতত আবেদন জনাইছিল।

সেই আবেদনৰ ভিত্তিত কৃষক নেতাগৰাকীক আদালতে শিৱসাগৰ আৰক্ষীৰ জিম্মাত দিয়ে।

উজনি অসমৰ বহু কেইখন থানাত অখিলৰ বিৰুদ্ধে ৰুজু হৈ আছে গোচৰ।

অখিলৰ বিৰুদ্ধে টীয়ক থানাত ৬৯৫/১৯, শিৱসাগৰ থানাত ১৩৪৪/১৯ গৌৰীসাগৰ থানাত ১৫৪/১৯ আৰু চাবুৱা থানাত ২৮৯/১৯ নম্বৰত ভাৰতীয় দণ্ডবিধিৰ ১২০বি/ ১৪৭/ ১৪৮/ ১৪৯/ ৩৩৬/ ৩৫৩/  ৩২৬/ ৩০৭ ধাৰাত গোচৰ ৰুজু হৈ আছে।