NORTHEAST NOW (Assamese)
Popular Stories

শিৱসাগৰ থানাত হাজিৰ কৃষক নেতা অখিল গগৈ; ঐক্যবদ্ধ সংগ্ৰামৰ আহ্বান

Posted by: পার্শ্বজোতি গগৈ Updated by: পার্শ্বজোতি গগৈ March 19, 2020 3:00 pm

আজি পুৱা ৫.৩০ বজাত গুৱাহাটী কেন্দ্ৰীয় কাৰাগাৰৰ পৰা গ্ৰেপ্তাৰ কৰি অনা কৃষক নেতা অখিল গগৈক দিনৰ ১১.৩০ বজাত শিৱসাগৰ সদৰ থানাত হাজিৰ কৰোৱা হয়। শিৱসাগৰ থানাত ৰুজু থকা ১৩৪৪/১৯ নম্বৰ এক গোচৰৰ আধীনত তেওঁক গ্ৰেপ্তাৰ কৰা হয়।

বৰ্তমান অখিল গগৈক শিৱসাগৰ আৰক্ষী থানাত ৰখা হৈছে। এক সূত্ৰৰ পৰা জানিব পৰা মতে শিৱসাগৰ সদৰ থানাৰ ভিতৰতেই অখিল গগৈৰ প্ৰাথমিক স্বাস্থ্য পৰীক্ষা কৰা হৈছে।

জ্যেষ্ঠ অধিবক্তা হেমেন বৰাই শিৱসাগৰ থানাত গগৈক সাক্ষাৎ কৰি উঠি আজি শিৱসাগৰ আদালতত তেওঁক হাজিৰ কৰা নহয় বুলি জানিবলৈ দিয়ে। কৃষক নেতাগৰাকীয়ে সকলো দল সংগঠনক একত্ৰিত হৈ ‘কা’ বাতিলৰ বাবে আন্দোলন কৰিবলৈ আহ্বান জনোৱা বুলিও বৰাই কয়।

ইফালে শিৱসাগৰ আৰক্ষী থানা চৌহদত আজি পুৱাৰে পৰা নিশ্চিদ্ৰ নিৰাপত্তা বেষ্টনি গঢ়ি তোলা হয়। থানা চৌহদৰ ভিতৰত সাংবাদিকৰো প্ৰৱেশত বাধা শিৱসাগৰ আৰক্ষীৰ।

আনহাতে অখিল গগৈক থানাৰ ভিতৰত সোমোৱাৰ লগে লগেই তেওঁৰ মুক্তিৰ দাবীত কৃষক মুক্তি সংগ্ৰাম সমিতি, নাৰী মুক্তি সংগ্ৰাম সমিতি আৰু ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ শতাধিক সদস্যই উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে। আৰক্ষীয়ে প্ৰতিবাদকাৰী সকলক বাধা দিয়াত দুয়ো পক্ষৰ মাজত হতাহতি লাগে।

শিৱসাগৰ আৰক্ষী অধীক্ষক অমিতাভ সিনহাই জানিবলৈ দিয়ে যে আজিৰ পৰা চাৰিদিন অখিল গগৈ শিৱসাগৰ আৰক্ষীৰ জিম্মাত থাকিব। অখিল গগৈক স্বাস্থ্য পৰীক্ষা কৰোৱা হ’ব বুলি আৰক্ষী অধীক্ষক গৰাকীয়ে জানিবলৈ দিয়ে। তেওঁ কয়, আৰক্ষীৰ জিম্মাত থকা এজন ব্যক্তিক যি ব্যৱস্থা কৰিব লাগে অখিল গগৈৰ ক্ষেত্ৰতো সেই ব্যৱস্থা গ্ৰহণ কৰা হ’ব।

আনহাতে গৌৰীসাগৰ আৰক্ষী চকীত অখিল গগৈৰ বিৰুদ্ধে ৰুজু হৈ থকা আন এটা গোচৰৰ সন্দৰ্ভত এতিয়া কোনো মন্তব্য নিদিলে আৰক্ষী অধীক্ষক গৰাকীয়ে।