NORTHEAST NOW (Assamese)
অসম

কৰ’নাৰ প্ৰভাৱৰ বাবে অনিৰ্দিষ্ট কাললৈ পিছুৱাই দিয়া হ’ল বিটিচি নিৰ্বাচন

Posted by: কল্পজ্যোতি শইকীয়া Updated by: কল্পজ্যোতি শইকীয়া March 20, 2020 5:18 pm
Alok Kumar

সমগ্ৰ বিশ্বৰ লগতে ভাৰততো কৰ’না ভাইৰাছে মহামাৰীৰ ৰূপ লোৱাৰ প্ৰতি লক্ষ্য ৰাখি বিটিচি নিৰ্বাচন পিছুওৱাৰ সিদ্ধান্ত গ্ৰহণ কৰে ৰাজ্যিক নিৰ্বাচন আয়োগে।

গুৱাহাটী মহানগৰীৰ হাউছফেদস্থিত ৰাজ্যিক নিৰ্বাচন আয়োগৰ মুখ্য কাৰ্য্যালয়ত আজি অনুষ্ঠিত হোৱা এখন সংবাদমেল সম্বোধন কৰি এই কথা ঘোষণা কৰে নিৰ্বাচনী আয়ুক্ত আলোক কুমাৰে।

ৰাজ্যিক নিৰ্বাচন আয়োগৰ ঘোষণাৰ পাছতে অহা ৪ এপ্ৰিলত অনুষ্ঠিত হ’বলগীয়া বিটিচি পৰিষদীয় নিৰ্বাচন অনুষ্ঠিত নহয়।

আনহাতে, বিটিচি নিৰ্বাচন পিছুৱাই দিয়াৰ পাছত সাময়িকভাৱে কোনো ৰাজনৈতিক দলে ৰাজনৈতিক প্ৰচাৰ চলাব নোৱাৰিব।

কোনো দল, সংগঠনে নিৰ্দেশনা ভংগ কৰি ৰাজনৈতিক প্ৰচাৰ চলালে জিলা প্ৰশাসনে আইন অনুসৰি কাৰ্য্যকৰী ব্যৱস্থা গ্ৰহণ কৰিব বুলিও সংবাদমেলত উল্লেখ কৰা হয়।

উল্লেখযোগ্য যে, বিটিচি নিৰ্বাচনৰ মনোনয়ন প্ৰত্যাহাৰৰ অন্তিম সময়সীমা আছিল ২১ মাৰ্চ। জনসাধাৰণৰ নিৰাপত্তাৰ প্ৰতি লক্ষ্য ৰাখিয়ে ৰাজ্যিক নিৰ্বাচন আয়োগে এই সিদ্ধান্ত গ্ৰহণ কৰিছে বুলি জানিবলৈ দিয়ে।

বিভিন্ন দল সংগঠনে নিৰ্বাচন আয়োগক বিটিচি নিৰ্বাচন পিছুৱাবৰ বাবে স্মাৰক পত্ৰ দিছিল তথা ৰাজ্য চৰকাৰেও সাম্প্ৰতিক পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি নিৰ্বাচন পিছুৱাই দিয়াৰ বাবে আয়োগক অনুৰোধ জনাইছিল।

অহা ২৭ এপ্ৰিলৰ ভিতৰত বিটিচি নিৰ্বাচন প্ৰক্ৰিয়াৰ সকলো প্ৰক্ৰিয়া সমাপ্ত কৰাৰ অন্তিম সময়সীমা ধাৰ্য্য কৰা হৈছিল যদিও সাম্প্ৰতিক পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি পৰৱৰ্তী সূচী ঘোষণা নকৰা পৰ্যন্ত নিৰ্বাচন প্ৰক্ৰিয়া বাতিল কৰা হৈছে।

‘‘পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি পৰৱৰ্তী নতুন তাৰিখ ঘোষণা কৰা হ’ব,’’ নিৰ্বাচন আয়োগে কয়।