NORTHEAST NOW (Assamese)
অসম

কৰ’না ভাইৰাছৰ বিষয়ে জানিবলৈ WhatsApp ব্যৱহাৰকাৰীৰ বাবে চৰকাৰৰ হেল্প ডেস্ক; এনেদৰে কৰক ব্যৱহাৰ

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ March 20, 2020 6:48 pm
whatsapp

বৰ্তমানলৈ কৰ’না ভাইৰাছৰ কোনোধৰণৰ প্ৰতিষেধক আবিস্কাৰ হোৱা নাই যদিও ভাল খবৰটো হ’ল আপুনি সতৰ্কতা অৱলম্বন কৰি ইয়াৰ পৰা বাচি থাকিব পাৰে।

বিশ্ব স্বাস্থ্য সংস্থাৰ পৰা আৰম্ভ কৰি ভাৰত আৰু বিশ্বৰ সকলো দেশে ঠায়ে ঠায়ে এই ভাইৰাছ বিধৰ সংক্ৰমণ ৰোধৰ বাবে বিভিন্ন নিৰ্দশনাৱলী জাৰি কৰিছে।

যদিহে আপুনি হোৱাটছ এপ ব্যৱহাৰ কৰে তেতিয়াহ’লে ভাৰতৰ স্বাস্থ্য মন্ত্ৰ্যালয়ে আপোনালোকৰ বাবে হেল্প ডেস্ক নম্বৰ মুকলি কৰিছে। এই হেল্প ডেস্ক নম্বৰটোত আপোনালোকে কৰ’না ভাইৰাছৰ সৈতে জড়িত প্ৰশ্ন সুধিব পাৰিব।

বৰ্তমানলৈ +৯১১১২৩৯৭৮০৪৬ আৰু ১০৭৫ নম্বৰৰ দুটা ৰাষ্ট্ৰীয় হেল্পলাইন নম্বৰ মুকলি কৰি কৰি দিয়া হৈছে।

চৰকাৰে ইয়াক মাইগোভ কৰ’না হেল্প ডেস্ক নাম দিছে যাৰ জৰিয়তে আপোনালোকে কৰ’না ভাইৰাছ সম্বন্ধীয় প্ৰশ্নৰ উত্তৰ লাভ কৰিব।

চৰকাৰৰ দ্বাৰা কৰ’না ভাইৰাছ সম্বন্ধীয় তথ্য জানিবলৈ বনোৱা হেল্প ডেস্কক এই ধৰণে ব্যৱহাৰ কৰিব পাৰি-

  • নিজৰ স্মাৰ্টফোনত ৯০১৩১৫১৫১৫ নম্বৰটো চেভ কৰি লওক। আপোনালোকে ইয়াক যিকোনো নামত চেভ কৰি ল’ব পাৰে।
  • এতিয়া আপুনি হোৱাটছএপ অ’পেন কৰি যি নামেৰে চেভ কৰিছিল চাৰ্ছ কৰক।
  • চাৰ্ছ কৰাৰ পাছত চেট উইণ্ডো খোল খাব আৰু ইয়াত আপুনি কৰ’না ভাইৰাছ সম্বন্ধীয় যিকোনো ধৰণৰ প্ৰশ্ন কৰিব পাৰে।
  • উদাহৰণস্বৰূপে, কৰ’না ভাইৰাছৰ পৰা কেনেদৰে বাচিব পৰা যায় আৰু ইয়াৰ লক্ষণ সমূহ কি কি?
  • আপোনাৰ প্ৰশ্নৰ পাছতে আপুনি চেভ কৰি লোৱা নম্বৰৰ পৰা উত্তৰ লাভ কৰিব।