NORTHEAST NOW (Assamese)
Popular Stories

যোৰহাটৰ শিশুটিৰ শৰীৰত নাই ক’ৰ’না ভাইৰাছ; ডিব্ৰুগড়ৰ RMRCএ নিশ্চিত কৰিছে এই কথা

Posted by: স্মিতা ভট্টাচাৰ্য Updated by: স্মিতা ভট্টাচাৰ্য March 22, 2020 9:22 am
Coronavirus-750x375.jpg1

সকাহ! অন্ততঃ অসমৰ বাবে এই মূহূৰ্তত সকাহঃ বুলিবই পাৰি।

যোৰাহাটৰ পুলিবৰ শিশুটিৰ শৰীৰত নাই মাৰাত্মাক ক’ৰ’না ভাইৰাছৰ বীজাণু।

ডিব্ৰুগড়ৰ লোহোৱালস্থিত RMRCৰ পৰীক্ষাগাৰে নিশ্চিত কৰিছে এই কথা।

উল্লেখ্য যোৰাহাট চিকিৎসা মহাবিদ্যালয়ৰ পৰীক্ষাগাৰত শিশুটিৰ শৰীৰৰ নমুনা পৰীক্ষাত ক’ৰ’না ভাইৰাছৰ উপস্থিতি ধৰা পৰিছিল বুলি নিশ্চিত কৰা হৈছে বুলি যোৰাহাটৰ উপায়ুক্ত ৰশ্নি এ ক’ৰাটিয়ে কালি সংবাদ মাধ্যমৰ আগত প্ৰকাশ কৰিছিল।

অৱেশ্যে লগতে উপায়ুক্ত গৰাকীয়ে শিশুটিৰ শৰীৰ সংগৃহীত নমুনা পুনৰবাৰ পৰীক্ষা কৰিবলৈ ডিব্ৰুগড়ৰ লাহোৱালস্থিত আঞ্চলিক চিকিৎসা গৱেষণা কেন্দ্ৰলৈ প্ৰেৰণ কৰা হৈছি বুলিও সংবাদ মাধ্যমক জনাইছিল।

লাহোৱালস্থিত আঞ্চলিক চিকিৎসা গৱেষণা কেন্দ্ৰৰ লেবৰেটৰীত শিশুটিৰ নমুনা পুনৰ পৰীক্ষা কৰাৰ পিছত শিশুটিৰ শৰীৰত ক’ৰ’না ভাইৰাছ নাই বুলি নিশ্চিত কৰা হৈছে।

যোৰহাট জিলাৰ উপায়ুক্ত ৰশ্নি এ ক’ৰাটিয়ে পুৱতি নিশা ২.১১ বজাত চ’ছিয়েল মিডিয়াৰ যোগে RMRCত কৰা শিশুটিৰ নমুনা পৰীক্ষাৰ ৰিজাল্ট নিগেটিভ ওলোৱাৰ কথা শ্বেয়াৰ কৰে।