NORTHEAST NOW (Assamese)
Popular Stories

গোলাঘাটৰ দেৱৰাজ ৰয় মহাবিদ্যালয়ৰ প্ৰবক্তাসকলে প্ৰস্তুত কৰিছে হেণ্ড চেনিটাইজাৰ

Posted by: ঋতুপল্লব শইকীয়া Updated by: ঋতুপল্লব শইকীয়া March 26, 2020 6:23 pm

সকলোতে এতিয়া ক’ৰ’না ভাইৰাছৰ বিৰুদ্ধে সজাগতাৰ সৃ্ষ্টি কৰা হৈছে। হাত পৰিষ্কাৰ কৰিবলৈ চেনিটাইজাৰ ব্যৱহাৰৰ পৰামৰ্শ দিয়া হৈছে। যাৰ বাবে এতিয়া বজাৰত হেণ্ড চেনিটাইজাৰৰ ব্যাপক অভাৱ হোৱা পৰিলক্ষিত হৈছে।

সাধাৰণ ৰাইজে বজাৰত হেণ্ড চেনিটাইজাৰ বিচাৰি হাবাথুৰি খাব লগা হৈছে। এনে পৰিস্থিতিত গোলাঘাটত চেনিটাইজাৰৰ অভাৱ দূৰীকৰণৰ বাবে আগবাঢ়ি আহিছে গোলাঘাট দেৱৰাজ ৰয় মহাবিদ্যালয়ৰ ৰসায়ন বিজ্ঞান বিভাগৰ একাংশ প্ৰৱক্তা।

শিক্ষানুষ্ঠানখনৰ অধ্যক্ষ ড০ পুতুল চন্দ্ৰ শইকীয়াৰ লগতে ড০ বিপুল চেতীয়া, ড০ নিপেন বৰুৱা, ড০ উম্মে জামীল, ড০ ৰাজীৱ বসুমতাৰী, পৱন চেত্ৰী আদি প্ৰৱক্তাসকলে প্ৰস্তুত কৰি উলিয়াইছে উক্ত হেণ্ড চেনিটাইজাৰ।

গোলাঘাট জিলা প্ৰশাসনৰ অনুৰোধত দেৱৰাজ ৰয় মহাবিদ্যালয় প্ৰৱক্তা সকলে ৭ লিটাৰ হেণ্ড চেনিটাইজাৰ ৰাইজৰ বাবে প্ৰস্তুত কৰিছে।

উক্ত চেনিটাইজাৰখিনি ১২০  টা সৰু সৰু বটলত প্ৰস্তুত কৰি উলিয়াই প্ৰশাসনক প্ৰদানৰ ব্যৱস্থা কৰিছে। তেওঁলোকে চেনিটাইজাৰ প্ৰস্তুতৰ বাবে প্ৰয়োজনীয় সামগ্ৰী লাভ কৰিলে আৰু চেনিটাইজাৰ প্ৰস্তুত কৰি দিয়াৰ কথা সদৰী কৰিছে।