NORTHEAST NOW (Assamese)
Popular Stories

১০ গৰাকীকৈ অচিনাক্ত ৰুগীয়া ব্যক্তিকলৈ শংকিত মাৰ্ঘেৰিটাবাসী; প্ৰশাসনৰ অকৰ্ম্যণতাক লৈ চৰ্চা

Posted by: মানস প্রতীম গগৈ Updated by: মানস প্রতীম গগৈ March 26, 2020 9:04 pm

২৫ মাৰ্চত মাৰ্ঘেৰিটাৰ ৰে’ল ষ্টেশ্যনত হাওৰা-ডিব্ৰুগড় কামৰূপ এক্সপ্ৰেছত গোপনে অহা ১১জনকৈ সন্দেহযুক্ত অচিনাক্ত লোকৰ ১০জন আজিও মাৰ্ঘেৰিটাতে আছে। ইয়াৰে এগৰাকী মহিলাক ইতিমধ্যে পৰিয়ালৰ লোকে লৈ গৈছে।

বুধবাৰে একাংশ সংবাদ মাধ্যমত বাতৰি প্ৰচাৰ হোৱাৰ পাছত নিদ্ৰা ভংগ হোৱা মাৰ্ঘেৰিটা মহকুমা প্ৰশাসনে প্ৰায় ৪ ঘণ্টা পলমকৈ ৰে’ল ষ্টেশ্যনত উপস্থিত হৈ তেওঁলোকক তাৰ পৰা নি মাৰ্ঘেৰিটা অসামৰিক চিকিৎসালয়ত স্বাস্থ্য পৰীক্ষা কৰোৱায়।

ভাষা বিভ্ৰান্তৰ বাবে নিজৰ পৰিচয় দিব নোৱাৰাত প্ৰশাসনৰ নিদেৰ্শত চিকিৎসালয়ৰ এটি কোঠাত তেওঁলোকৰ ১০ জনক আৱদ্ধ কৰি ৰাখি থোৱা বুলি বিশেষ সূত্ৰে জানিব পৰা গৈছে।

গুৰুত্বপূৰ্ণ কথা আটাইকেইজনেই কাঁ‌হ, জ্বৰ আদি ৰোগত আক্ৰান্ত। সীমিত সা-সুবিধাযুক্ত চিকিৎসালয়খনত এনে এটা জটিল সময়ত অচিনাক্ত তথা সন্দেহযুক্ত ১০জন ব্যক্তিক এনেদৰে ৰাখি থোৱাটো কিমান যুক্তিসংগত তাক লৈ সচেতন মহলত চৰ্চা হৈছে।

আনহাতে হাওৰা-ডিব্ৰুগড় কামৰূপ এক্সপ্ৰেছখন ডিব্ৰুগড়তে যাত্ৰা সামৰিব লাগিছিল যদিও ডিব্ৰুগড় প্ৰশাসনৰ উদ্যোগত ডিব্ৰুগড় ৰে’ল ষ্টেশ্যনত চেনিটাইজেশ্যন চলি থকাৰ বাবে উক্ত ৰেলখন অভিসন্ধি কৰি মাৰ্ঘেৰিটা ৰে’ল ষ্টেশ্যনলৈ প্ৰেৰণ কৰা বুলি অভিযোগ উঠিছে।

এইদৰে বিপদজ্জ্বনকভাৱে ১০ গৰাকীকৈ অচিনাক্ত ৰোগাক্ৰান্তক চিকিৎসালয়খনত ৰখাত স্বাস্থ্য কৰ্মীসকলৰ মাজতো এক আতংকময় পৰিস্থিতিৰ সৃষ্টি হোৱা বুলি জানিব পৰা গৈছে।

আন এক সূত্ৰই জানিবলৈ দিয়া অনুসৰি যাত্ৰীবাহী ৰে’ল সমূহত দেখা পোৱা এইসকল মগনীয়া লোক। অৱশ্যে প্ৰশাসনৰ সম্পূৰ্ণ তদন্তত হে প্ৰকৃত তথ্য পোহৰলৈ আহিব।

আনহাতে বৰ্তমানৰ পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি মহকুমা প্ৰশাসনক স্থানীয় ৰাইজে এটা হেল্প লাইন নম্বৰ মুকলি কৰাৰ দাবী তোলে।