NORTHEAST NOW (Assamese)
Popular Stories

ছুপাৰষ্টাৰ অক্ষয় কুমাৰ আৰু প্ৰভাসে ক’ৰ’নাৰ প্ৰতিৰোধৰ বাবে আগবঢ়াইছে বৃহৎ পৰিমাণৰ ধন

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ March 28, 2020 9:12 pm
ef72da19e874be97e178cee677473ec7

মাৰাত্মক ক’ৰ’না ভাইৰাছ প্ৰতিৰোধৰ বাবে চৰকাৰ সাহায্য পুঁজিলৈ বৃহৎ পৰিমাণৰ ধন আগবঢ়াইছে বলিউদৰ লগতে দক্ষিণৰ কেবাজনো অভিনেতাই।

ছুপাৰষ্টাৰ তথা খিলাড়ী বয় অক্ষয়কুমাৰে ক’ৰ’না প্ৰতিৰোধৰ বাবে প্ৰধানমন্ত্ৰীৰ সাহায্য পুঁজিলৈ আগঢ়াইছে ২৫ কোটি টকা। বৰ্তমানলৈকে চেলিব্ৰেটিসকলৰ ভিতৰত আগবঢ়োৱা ইয়ে হৈছে সৰ্বোচ্চ পৰিমাণৰ সাহায্য।

‘বাহুবলী’ খ্যাত প্ৰভাসে আগবঢ়াইছে ৪ কোটি টকাৰ সাহায্য।

প্ৰভাসে প্ৰধানমন্ত্ৰী সাহায্য  পুঁজিলৈ ৩ কোটি টকা আৰু অন্ধ্ৰ প্ৰদেশ আৰু তেলংগানা ৰাজ্য চৰকাৰৰ দুয়োজন মুখ্যমন্ত্ৰীৰ সাহায্য পুঁজিলৈ  ক্ৰমে ৫০ লাখকৈ ধন আগবঢ়াইছে।

অলপতে পূজা হাগড়ে অভিনীত ‘প্ৰভাস ২০’ নামৰ নিজৰ নৱতম ছবিখনৰ জৰ্জিয়াত শ্বুটিং কৰি আহি প্ৰভাসে বৰ্তমান ১৪ দিনৰ বাবে চেল্ফ আইচ’লেশ্যনত আছে।

ইয়াৰ পূৰ্বে দক্ষিণৰ ছুপাৰষ্টাৰ পৱন কল্যাণ ৰামচৰণে ২ কোটি, প্ৰভাসৰ পিতৃ চিৰঞ্জীৱীয়ে ১ কোটি আৰু অন্য এজন ছুপাৰষ্টাৰ মহেশ বাবুৱেও সাহায্য পুঁজিলৈ সাহায্য আগবঢ়াইছে।