NORTHEAST NOW (Assamese)
অসম

লকডাউন: প্ৰিপেইডৰ ভেলিডিটি বঢ়াই দিবলৈ টেলিকম কোম্পানিক নিৰ্দেশ

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ March 30, 2020 5:01 pm
telecom_759

দেশজোৰা লকডাউনৰ সময়ত ম’বাইলৰ প্ৰিপেইড গ্ৰাহকসকল অসুবিধাত নপৰিবলৈ ভেলিডিটি পিৰিয়ড বঢ়াই দিয়াৰ বাবে টেলিকম কোম্পানিসমূহক ট্ৰায়ে নিৰ্দেশ দিছে।

লকডাউনৰ সময়ত সকলো প্ৰিপেইড চাবস্ক্ৰাইবাৰে অবিচ্ছিন্ন সেৱা উপভোগ কৰিব পৰাতো নিশ্চিত কৰাৰ বাবে ভেলিডিটি পিৰিয়ড বৃদ্ধিকে ধৰি উপযুক্ত প্ৰয়োজনীয় পদক্ষেপ ল’বলৈ ট্ৰায়ে কোম্পানিসমূহক নিৰ্দেশ দিছে।

গ্ৰাহকলৈ সেৱা অব্যাহত ৰখাৰ বাবে কোম্পানিসমূহে কি কি ব্যৱস্থা হাতত লৈছে সেই সবিশেষ জনাবলৈ ট্ৰায়ে নিৰ্দেশ দিছে।

টেলিকম সেৱাক অত্যাৱশ্যকীয় সেৱাৰূপে লকডাউনৰ পৰা ৰেহাই দিয়া হৈছে। কিন্তু লকডাউনৰ ফলত ৰিচাৰ্জ কেন্দ্ৰসমূহ বন্ধ আছে।

ফলত কোনো প্ৰিপেইড গ্ৰাহকে অফলাইন ৰিচাৰ্জ কৰিব খুজিলেও অসুবিধাৰ সন্মুখীন হ’ব পাৰে।

কৰ’নাভাইৰাছৰ সংক্ৰমণ প্ৰতিহত কৰাৰ বাবে প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে যোৱা ২৪ মাৰ্চৰ পৰা ২১ দিনীয়া লকডাউন ঘোষণা কৰিছে।

ভাৰতত কৰ’নাভাইৰাছ আক্ৰান্তৰ সংখ্যাই ইতিমধ্যে এহেজাৰৰ সীমা অতিক্ৰম কৰিছে। আক্ৰান্ত ২৯ গৰাকী লোকে প্ৰাণ হেৰুৱাইছে।