NORTHEAST NOW (Assamese)
অসম

COVID-19 ৰ বিৰুদ্ধে যুঁজিবলৈ ধৰ্মীয় ন্যাসৰ ৮০ শতাংশ ‘ভগৱান’ৰ ধন দান কৰাৰ নিৰ্দেশ দিয়ক : প্ৰধান মন্ত্ৰীলৈ এটি কিশোৰৰ আহ্বান

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ March 31, 2020 9:41 am
8a955fbcfc7d4cdea174cf97ed2a0662

প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীলৈ অলপতে লিখা এখন চিঠিত দেৰাদূনৰ এটি কিশোৰে সকলো ধৰ্মৰে তেওঁৰ ধৰ্মীয় ন্যাসৰ ৮০ শতাংশ ‘ভগৱান’ৰ সম্পদ COVID-19 ৰ বিৰুদ্ধে যুঁজিবলৈ  দান কৰাটো বাধ্যতামূলক কৰাৰ আহ্বান জনাইছে।

‘’মই নিশ্চিত ভগৱান আমাক আশীৰ্বাদ কৰি সুখী হ’ব যদিহে এই ধনে ভগৱানৰ সন্তানক ৰক্ষা কৰে। আমি সকলোৱে মানৱতাত অধিক বিশ্বাস কৰিব লাগিব,’’-দশম শ্ৰেণীৰ ১৫ বছৰীয়া ছাত্ৰ অভিনৱে প্ৰধান মন্ত্ৰীলৈ চিঠিত এইদৰে লিখিছে।

অভিনৱৰ পিতৃ-মাতৃ স্বাস্থাসেৱাত কৰ্মৰত।

চীনত আৰম্ভ হোৱাৰে পৰা অভিনৱে কৰ’নাভাইৰাছ মহামাৰীক সুক্ষ্মভাৱে পৰ্যবেক্ষণ কৰি আহিছে।

‘’ভগৱানৰ আশীৰ্বাদত মোৰ মা আৰু দেউতা চিকিৎসা বিজ্ঞানৰ সৈতে জড়িত আৰু প্ৰতিদিনে হাস্পাতললৈ যাবলগীয়া হয় সেয়েহে তেওঁলোকে COVID-19 ৰ সৈতে জড়িত ঘটনাবোৰ তথা পৰিস্থিতিৰ বিষয়ে জানিবলৈ দিয়ে,’’-তেওঁ কয়।

‘’আমাৰ প্ৰধান মন্ত্ৰীয়ে পৰামৰ্শ দিছে যে কেবল সামাজিক দূৰত্বই এই সময়ত আমাক ৰক্ষা কৰিব পাৰে। সেয়েহে, মই আশা কৰিম এই লকডাউন আংশিকভাৱে সম্প্ৰসাৰণ কৰিব পাৰে কিন্তু সঠিক ব্যৱস্থাপনা থকা উচিত যাতে কোনোৱে ভূগিবলগীয়া নহয়,’’-তেওঁ লগতে কয়।

অভিনৱে ই-মেইল আই ডি লাভ কৰাৰ পাছত তেওঁৰ ধাৰণা সন্নিৱিষ্ট কৰি প্ৰধান মন্ত্ৰী  মোদীলৈ পত্ৰ প্ৰেৰণ কৰে।

গোটেই বিশ্ব এতিয়া কৰ’না মহামাৰীৰ বাবে সংগ্ৰাম কৰিবলগীয়া হৈছে আৰু ভাৰতত এতিয়া COVID-19 ৰ সংক্ৰমণ স্থৱিৰ কৰিবলৈ সামজিক দূৰত্ব বলবৎ কৰি ২১ দিনৰ বাবে লকডাউন কৰা হৈছে।

কিন্তু এই লকডাউন ব্যৱস্থাসমূহ এখন উন্নয়নশীল ৰাষ্ট্ৰ তথা বিশ্বৰ দ্বিতীয় সৰ্ববৃহৎ জনসংখ্যাৰ দেশ ভাৰতত বিশৃংখলাৰ সৃষ্টি কৰিছে।

নিযুত সংখ্যক প্ৰব্ৰজিত শ্ৰমিক, ভিখাৰী, গৃহহীন হৈছে আৰু দৈনিক হাজিৰা কৰা শ্ৰমিক নিশাৰ ভিতৰতে কৰ্মহীন হৈ পৰিছে।