NORTHEAST NOW (Assamese)
অসম

দিল্লীত এইমছৰ চিকিৎসকো কৰ’না ভাইৰাছৰ দ্বাৰা আক্ৰান্ত; নাছিল কোনো ট্ৰেভেল হিষ্ট্ৰী

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ April 2, 2020 3:51 pm
Mediical

দেশত কৰ’না ভাইৰাছৰ সংক্ৰমণৰ ঘটনা ক্ষিপ্ৰ গতিত বৃদ্ধি পাবলৈ লৈছে। এতিয়া এই সংক্ৰমণে এইমছৰ চিকিৎসককো আক্ৰান্ত কৰাৰ খৱৰ আহিছে।

দিল্লীৰ এইমছৰ এজন ৰেছিডেন্ট ডাক্টৰৰ কৰ’না ভাইৰাছৰ সংক্ৰমণ পোৱা গৈছে। চিকিৎসকজনৰ কোনো ট্ৰেভেল হিষ্ট্ৰী নাছিল বুলি জানিব পৰা গৈছে।

চিকিৎসকজনৰ সংস্পৰ্শলৈ অহা সকলো লোককে কোৱাৰেন্টাইন কৰাৰ প্ৰক্ৰিয়া আৰম্ভ কৰা হৈছে।

ইয়াৰ পূৰ্বে দিল্লীৰ ৬জন চিকিৎসক কৰ’না ভাইৰাছত আক্ৰান্ত হোৱাৰ খৱৰ প্ৰকাশ পাইছে।

বুধবাৰে দিল্লী চৰকাৰৰ এখন হাস্পাতলৰ দুজন চিকিৎসক কৰ’নাৰ দ্বাৰা সংক্ৰমিত হৈছিল।ইয়াৰে এজন চিকিৎসকে কৰ’না ৰোগীৰ চিকিৎসা কৰিছিল। ৰোগীৰ সংস্পৰ্শলৈ অহাৰ ফলতে তেওঁ সংক্ৰমিত হৈছিল।

ইয়াৰ উপৰি ডুবাইৰ পৰা উভতি অহা এগৰাকী মহিলা চিকিৎসকৰো কৰ’না পজিটিভ পোৱা গৈছে।

দুয়েজন চিকিৎককে আইছ’লেশ্যন কৰা হৈছে। তদুপৰি, তেওঁলোকৰ সংস্পৰ্শলৈ অহা লোকসকলক কোৱাৰেন্টাইন কৰা হৈছে।

ভাৰতত নভেল কৰ’নাভাইৰাছত আক্ৰান্ত ৰোগীৰ সংখ্যা ২০০০ অতিক্ৰম কৰিছে আৰু মৃত্যুৰ সংখ্যা ৬০ জন অতিক্ৰম কৰিছে।

বৃহস্পতিবাৰে অন্ধ্ৰ প্ৰদেশ, মধ্য প্ৰদেশ, ৰাজস্থান আৰু মহাৰাষ্ট্ৰত নতুনকৈ লোক আক্ৰান্ত হোৱাৰ খৱৰ পোৱা হৈছে।

বৃহস্পতিবাৰে তেলেংগানাত তিনিজন, হাৰিয়ানা, গুজৰাট আৰু পঞ্জাৱত এজনকৈ মুঠ ছয়জন লোকৰ মৃত্যু হোৱাৰ খৱৰ পোৱা গৈছে।