NORTHEAST NOW (Assamese)
Popular Stories

ক’ৰ’ণাত আক্ৰান্ত ৰোগীয়ে য’তে ত’তে পেলাইছে থু : হিমন্ত বিশ্ব শৰ্মা

Posted by: কল্পজ্যোতি শইকীয়া Updated by: কল্পজ্যোতি শইকীয়া April 3, 2020 5:28 pm

ৰাজ্যৰ স্বাস্থ্য মন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই আনিছে এক বিস্ফোৰক অভিযোগ। গোলাঘাট অসামৰিক চিকিৎসালয় পৰিদৰ্শন কৰি মন্ত্ৰীগৰাকীয়ে চিকিৎসালয়খনত চিকিৎসাধীন ক’ৰ’নাত আক্ৰান্ত ৰোগী তথা কুৱাৰেণ্টাইনত থকা লোকসকলে য’তে ত’তে থু পেলোৱা বুলি উল্লেখ কৰি দুখ প্ৰকাশ কৰে।

‘ৰোগী কেইজনৰ মনত এটা ধাৰণা আছে যে আমি ঠিকেই আছো। গোলাঘাট অসামৰিক চিকিৎসালয়ত কুৱাৰেণ্টাইনত থকা ব্যক্তিয়ে ভাবিছে আমি জোৰ কৰি লৈ আহিছো গতিকে থু মাৰি অৱস্থা বেয়া কৰি আছে। মই শুনি দুখ পালো যে ওপৰৰ পৰা ৰোগীসকলে থুই মাৰি আছে। চিকিৎসালয়খন পৰিদৰ্শনকালত সংবাদ মাধ্যমৰ আগত শৰ্মাই এইদৰে কয়।

তেওঁ কয় ‘ওপৰৰ মহলাৰ পৰা থু পেলাওঁতে তলত যদি গৰ্ভৱতী মহিলা, বৃদ্ধ লোকৰ গাত থুইটো পৰে তেন্তে তেওঁৱো আক্ৰান্ত হৈ যাব।‘

ইপিনে ৰোগীসকলৰ মুৰব্বীৰ প্ৰতি হিমন্তই আহ্বান জনাই কয় ‘মুৰব্বীসকলে টেলিফোনত ৰোগীসকলক বুজাব লাগে থুই মাৰি দিলে তাৰ পৰা কাৰোবাৰ গাত যদি থু পৰে তেওঁৰ হৈ যাব পাৰে। এইধৰণৰ কাম কৰিব নালাগে। সকলোৱে সহযোগ কৰি এই সময় পাৰ কৰিব লাগে।‘

‘ৰোগ সকলোৰে হ’ব পাৰে, মোৰো হ’ব পাৰে, মই গোটেইখন ঘুৰি ফুৰিছো। ৰোগটো আছে যিহেতু হ’বই কিয়নো ৰোগটো ইংলেণ্ডৰ ৰজাৰ হৈছে, প্ৰধান মন্ত্ৰীৰ হৈছে। গতিকে এই ৰোগ হোৱাজনে নিজে ভাবিব নালাগে যে আমাক অন্যায় কৰিছে।‘ মন্ত্ৰীগৰাকীয়ে এইদৰে কয়।

তেওঁ লগতে কয় ‘১৪ দিন কুৱাৰেণ্টাইনত থাকক নহ’লে আপোনালোকৰ পৰা সমাজখনলৈ শুচৰিব। ডাক্তৰসকলক অনুৰোধ জনাইছো ভিতৰত গ’লে ৰোগীসকলক ৰোগটোৰ বিষয়ে বুজাই দিব।‘