NORTHEAST NOW (Assamese)
অসম

পইচা দি ক্ৰয় কৰিব লগা হৈছে যোগান বিভাগৰ বিনামূলীয়া চাউল

Posted by: দীপক কুমাৰ পাঠক Updated by: দীপক কুমাৰ পাঠক April 3, 2020 6:31 pm

বৰ্তমান সমগ্ৰ দেশতে ল’কডাউন চলি আছে। তাৰ মাজতে অসম চৰকাৰে ১ এপ্ৰিলৰ পৰা দৰিদ্ৰ লোকসকলক বিনামূলীয়া চাউল যোগান ধৰাৰ বাবে যোগান বিভাগক নিৰ্দেশ দিছে যদিও আজি পৰ্যন্ত দৰিদ্ৰ লোকসকলে বিনামূলীয়া চাউল লাভ কৰা নাই।

আজি তামুলপুৰ মহকুমাৰ অন্তৰ্গত পলোকাটা, নামচৰিয়া, কটাহবাৰী গাঁৱৰ একাংশৰ লগতে পদ্মপাৰ গাঁৱৰো একাংশ দৰিদ্ৰ লোকে নিজৰ কাৰ্ডখন লৈ সুলভ মূল্যৰ দোকানত প্ৰাপ্য চাউল আনিবলৈ যাই যদিও তেওঁলোকে পূৰ্বৰ দৰেই পইচা দি ক্ৰয় কৰিব লগা হৈছে যোগান বিভাগৰ বিনামূলীয়া চাউল।

প্ৰকৃততে বিনামূলীয়া চাউল বিতৰণত যোগান বিভাগ ব্যৰ্থ নে যোগান বিভাগৰ দ্বাৰা অনুমোদিত সুলভ মূল্যৰ দোকানী জগৰীয়া সেয়াহে এতিয়া ভাঙৰ প্ৰশ্ন।

সঁচাকৈ যোগান বিভাগে যদি বিনামূলীয়া চাউল এতিয়াও যোগান ধৰাত ব্যৰ্থ তেন্তে চৰকাৰৰ এই ঘোষণা অসাৰ হ’ব। আৰু যদি বিনামূলীয়া চাউল যোগান ধৰিছেই তেন্তে সুলভ মূল্যৰ দোকানী গ্ৰাহকৰ পৰা মূল্য গ্ৰহণ কৰাটো নিশ্চিত বাবে অপৰাধ হিচাপে গন্য হ’ব। অন্যহাতে যোগান বিভাগৰ চাউল নিয়াৰ সময়ত গ্ৰাহকসকলে বজাই ৰাখিব পৰা নাই সামাজিক দূৰত্ব।