NORTHEAST NOW (Assamese)
Popular Stories

অৰুণাচল প্ৰদেশৰ চাংলাঙত দুজন আলফা (স্বাঃ)ৰ কেডাৰ আটক

Posted by: অভিক চক্ৰৱৰ্তী Updated by: অভিক চক্ৰৱৰ্তী April 4, 2020 8:50 pm

অৰুণাচল প্ৰদেশৰ চাংলাং জিলাৰ নামপঙত আজি (শনিবাৰ) আৰক্ষী আৰু নিৰাপত্তা বাহিনীৰ এক যুটীয়া অভিযানত দুগৰাকী আলফা (স্বাঃ)ৰ কেডাৰক আটক কৰা হয়।

আৰক্ষীৰ সূত্ৰ অনুসৰি, আলফা কেডাৰে ম্যানমাৰৰ দিশৰ পৰা চাংলাং জিলাত প্ৰৱেশ কৰাৰ খবৰ লাভ কৰাৰ পিছতে আছাম ৰাইফলছ আৰু চি আৰ পি এফৰ সহযোগত তথা চাংলাঙৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়াৰ নেতৃত্বত আৰক্ষীৰ এটা দলে লংভি গাঁৱত এক যুটীয়া অভিযান বাহিৰ কৰে।

উক্ত অভিযানৰ সময়ত আন্তঃৰাষ্ট্ৰীয় সীমান্তৰ দিশে পলাবলৈ চেষ্টা কৰা দুজন যুৱকক আটক কৰা হয় বুলি আৰক্ষীৰ সূত্ৰত প্ৰকাশ।

আটকাধীন যুৱক দুজনক আলফা (স্বাঃ) সক্ৰিয় সদস্য ডিব্ৰুগড়ৰ জাহ্নু বৰুৱা (২০) আৰ কাৰ্বি আংলঙৰ চন্দ্ৰকান্ত লেখাৰু (২৬) বুলি চিনাক্ত কৰা হৈছে।

আৰক্ষীৰ জেৰাত তেওঁলোকে ম্যানমাৰত থকা আলফা (স্বাঃ) কেম্পৰ পৰা অহা বুলি স্বীকাৰ কৰে। তেওঁলোকৰ বিৰুদ্ধে নামপং আৰক্ষী থানাত এক গোচৰ ৰুজু কৰা হৈছে বুলি আৰক্ষীয়ে জনায়।