NORTHEAST NOW (Assamese)
অসম

দাৰে ঘপিয়াই হত্যাৰ অভিযোগত যোৰহাটত এজনক গ্ৰেপ্তাৰ

Posted by: স্মিতা ভট্টাচাৰ্য্য Updated by: স্মিতা ভট্টাচাৰ্য্য September 4, 2020 9:34 pm
One arrested for murder in Jorhat

গকুল কিস্কু (৩৫) নামৰ চিনামৰা চাহ বাগিচাৰ মুৰমুৰীয়া আউট ডিভিজনৰ এজনক আন এগৰাকী শ্ৰমিকক দাৰে ঘপিয়াই হত্যা কৰাৰ অভিযোগত গ্ৰেপ্তাৰ কৰা হৈছে।

কিস্কুৱে হত্যা কৰা লোকজনৰ নাম হৈছে ভিগেশ্বৰ হাজদা (৪৫)।

আৰক্ষী সূত্ৰই জনোৱা মতে এমাহৰ আগতে কিস্কুৰ পত্নীৰ সৈতে হাজদা পলাইছিল।

আৰক্ষীয়ে জনোৱা মতে শুকুৰবাৰে আগবেলা কিস্কুৱে হাজদাক বাগানৰ নিৰ্জন ঠাইত লগ পাই দাৰে ঘপিয়াই হত্যা কৰে আৰু তেজে তুমৰলি অৱস্থাত মৃতদেহটো এৰি যায়।

কামলৈ অহা আন শ্ৰমিকে পিছত পৰি থকা মৃতদেহটো প্ৰত্যক্ষ কৰে।

কিস্কু বাগানখনৰ ২৮নং লাইনৰ আৱাসী হোৱাৰ বিপৰীতে মৃত হাজদাই ২৭নং লাইনত বাস কৰিছিল।