NORTHEAST NOW (Assamese)
অসম

দিল্লীত ৩০ ছেপ্তেম্বৰলৈ বন্ধ থাকিব সকলো বিদ্যালয়; পৰামৰ্শ গ্ৰহণৰ বাবে বিদ্যালয়লৈ আহিব পাৰিব নৱম-দ্বাদশ শ্ৰেণীৰ শিক্ষাৰ্থী

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ September 4, 2020 10:29 pm
দিল্লীত ৩০ ছেপ্তেম্বৰলৈ বন্ধ থাকিব সকলো বিদ্যালয়; পৰামৰ্শ গ্ৰহণৰ বাবে বিদ্যালয়লৈ আহিব পাৰিব নৱম-দ্বাদশ শ্ৰেণীৰ শিক্ষাৰ্থী

ক’ৰ’না মহামাৰীৰ পৰিপ্ৰেক্ষিতত দিল্লীৰ সকলো বিদ্যালয় ৩০ ছেপ্তেম্বৰলৈ বন্ধ থাকিব।

দিল্লীৰ শিক্ষা বিভাগৰ সঞ্চালকালয়ৰ তৰফৰ দিল্লীত সকলো বিদ্যালয় ৩০ ছেপ্তেম্বৰলৈ বন্ধ থাকিব বুলি প্ৰকাশ কৰা হয়।

আনহাতে, নৱম শ্ৰেণীৰ পৰা দ্বাদশ শ্ৰেণীলৈ ছাত্ৰ-ছাত্ৰী সকলে ২১ ছেপ্তেম্বৰৰ পৰা ইচ্ছানুসাৰে বিদ্যালয়লৈ গৈ শিক্ষক-শিক্ষয়িত্ৰীৰ পৰামৰ্শ গ্ৰহণ কৰিব পাৰিব বুলিও শিক্ষা বিভাগে লগতে উল্লেখ কৰে।

এক নিৰ্দেশনাযোগে দিল্লীৰ শিক্ষা বিভাগে কন্টেইনমেণ্ট জ’নৰ বাহিৰৰ ৫০ শতাংশ শিক্ষক-শিক্ষয়িত্ৰী বিদ্যালয়লৈ অহাৰ বাবে নিৰ্দেশনা জাৰি কৰিছে।

উল্লেখযোগ্য যে, কেন্দ্ৰীয় চৰকাৰে প্ৰকাশ কৰা নিৰ্দেশনা অনুসৰি ৩০ ছেপ্তেম্বৰলৈ সকলো ধৰণৰ বিদ্যালয়, মহাবিদ্যালয়কে ধৰি শিক্ষানুষ্ঠান আৰু কোচিং চেণ্টাৰ সমূহ বন্ধ থাকিব বুলি ঘোষণা কৰিছিল।

অসমতো ৩০ ছেপ্তেম্বৰলৈ বিদ্যালয়-মহাবিদ্যালয় সমূহ বন্ধ থাকিব যদিও শিক্ষানুষ্ঠান সমূহলৈ শিক্ষক-কৰ্মচাৰী সকল যাব লাগিব বুলি শিক্ষা মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই সংবাদমেলত মন্তব্য কৰিছিল।