NORTHEAST NOW (Assamese)
অসম

গুৱাহাটীৰ COVID-19ত আক্ৰান্তৰ বন্ধুৱে দাঙি ধৰিলে সজাগতাৰ বিৰল উদাহৰণ

Posted by: দীপজ্যোতি শৰ্মা Updated by: দীপজ্যোতি শৰ্মা April 5, 2020 12:59 pm
COVID-10 positive cases reach 3900 in Assam

মহানগৰী জুৰোডস্থিত স্পেনিছ গাৰ্ডেনৰ বাসিন্দা মনীষ তিব্ৰেৱালাৰ কৰ’নাত আক্ৰান্ত হোৱাৰ পাছতে তেওঁৰ অতিশয় ঘনিষ্ঠ বন্ধু গুৰপ্ৰীত সিং উপ্পলে দেখুৱালে এক বিৰল উদাহৰণ।

কৰ’না আক্ৰান্তৰ সৈতে ঘনিষ্ঠতাৰ কথা লুকুৱাই নাৰাখি ঘৰলৈ যোৱাৰ কথা সামাজিক মাধ্যমৰ জৰিয়তে প্ৰকাশ কৰিছে উপ্পলে ।

সামাজিক মাধ্যমযোগে গুৰপ্ৰীত সিং উপ্পলে কয় যে মাৰ্চৰ প্ৰথম সপ্তাহত তেওঁ আক্ৰান্ত মনীষৰ ঘৰলৈ গৈছিল। কিন্তু ২৪ মাৰ্চৰ পৰা আৰম্ভ হোৱা লকডাউনৰ পৰাই তেওঁ নিজৰ লগতে পৰিয়ালকো ঘৰতে কোৱাৰেণ্টাইনত ৰাখিছে।

বৰ্তমান বিৰুবাৰীস্থিত কোৱাৰেণ্টাইন শিবিৰত আছে উপ্পল তথা তেওঁৰ পৰিয়াল  ৷  তেওঁৰ দেহত এতিয়ালৈ দেখা দিয়া নাই কৰ’নাৰ কোনো লক্ষণ।

WhatsApp-Image-2020-04-05-at-11.03.49-AM-300x218

তেওঁ লগতে কয় যে তেওঁৰ দেহত যদিও কৰ’না ভাইৰাছৰ কোনো লক্ষণ দেখা নাই তথাপি এগৰাকী দায়িত্বশীল নাগৰিক হিচাপে নিজকে কোৱাৰেণ্টাইন কৰি ৰাখিছে।

তেওঁৰ সংস্পৰ্শলৈ অহা সকলোকে সাৱধান হ’বলৈও কৈছে উপ্পলে ৷

যি সময়ত নিজামুদ্দিনৰ লগত জড়িত কেইবাজনো লোকে পলাই ফুৰিছে অথবা আত্মগোপন কৰিছে সেই সময়ত চৰকাৰ তথা প্ৰশাসনক নিজৰ কথা ব্যক্ত কৰি  সহায় কৰিছে উপ্পলে ৷ যাৰ ফলত গুৰপ্ৰীত সিং উপ্পল এতিয়া হৈ পৰিছে এক আদৰ্শ৷