NORTHEAST NOW (Assamese)
Popular Stories

অসমত বহুতৰে COVID-19 নিগেটিভ ওলোৱাটোৱে বৃদ্ধি কৰিছে উৎকণ্ঠা : হিমন্ত

Posted by: কল্পজ্যোতি শইকীয়া Updated by: কল্পজ্যোতি শইকীয়া April 6, 2020 2:51 pm

কিছুদিন পূৰ্বে ক’ৰ’না ভাইৰাছত আক্ৰান্ত হোৱা মনিষ তিব্ৰেৱালে বাস কৰা স্পেনিছ গাৰ্ডেন আজি পৰিদৰ্শন কৰে স্বাস্থ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। মন্ত্ৰীগৰাকীয়ে গাৰ্ডেনত আৱদ্ধ হৈ থকা আবাসীসকলৰ অৱস্থাৰ বুজ লয়।

গাৰ্ডেন পৰিদৰ্শনৰ পিছতেই মন্ত্ৰী শৰ্মাই ক’ৰ’নাত আক্ৰান্ত ব্যৱসায়ী তিব্ৰেৱালৰ সংস্পৰ্শলৈ অহা ৪৮ জন লোকৰ চেম্পল পৰীক্ষাত নিগেটিভ আহিছে বুলি সংবাদ মাধ্যমৰ আগত উল্লেখ কৰে।

মন্ত্ৰী শৰ্মাই নগাঁও আৰু গুৱাহাটীৰ মুঠ ৪৮ গৰাকী COVID-19 ত আক্ৰান্ত নহয় বুলি জনায়।

‍‍‘তেওঁলোকৰ নিগেটিভ ওলাইছে যদিও আৰু ১৪ দিন তেওঁলোকক হোম কোৱাৰেণ্টানত ৰখা হ’ব‍’, বুলি মন্ত্ৰীগৰাকীয়ে কয়।

ইপিনে, কোনো লোকৰ দেহতে ক’ৰ’না পজিটিভ নোলোৱা বিষয়টোৱে উৎকণ্ঠাৰ সৃষ্টি কৰিছে বুলি মন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে।

ইয়াৰ সূত্ৰ বিচাৰি নোপোৱালৈকে সকলোকে সাৱধানতা অৱলম্বন কৰি থাকিবলৈ মন্ত্ৰীগৰাকীয়ে আহ্বান জনায়। নিগেটিভ আহিলেও অতি কমেও ১৪ দিন আৰু quarantine ত নিজকে ৰাখিবলৈ মন্ত্ৰীগৰাকীয়ে আহ্বান জনায়।

ইপিনে চিকিৎসাজনিত জৰুৰীসেৱাক বাদ কৰি কোনো কাৰণতে স্পেনিছ গাৰ্ডেনৰ বাসিন্দাসকল অহা ১৪ দিনলৈ বাহিৰলৈ আহিব নোৱাৰিব বুলি মন্ত্ৰীগৰাকীয়ে স্পষ্টতাৰে উল্লেখ কৰে।

আনহাতে, মনিষৰ পৰিয়ালৰ লোকে স্বাস্থ্য বিভাগৰ লগত ১০০ শতাংশ সহযোগ আগবঢ়োৱা বুলি মন্ত্ৰীগৰাকীয়ে কয়।