NORTHEAST NOW (Assamese)
অসম

ক’ৰ’না মহামাৰীৰ পৰিপ্ৰেক্ষিতত নৱম শ্ৰেণীৰ পৰা দ্বাদশ শ্ৰেণীলৈ ৩০ শতাংশ পাঠ্যক্ৰম হ্ৰাস চি বি এছ ইৰ

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ July 7, 2020 8:53 pm
kv_1024_1024_1570795082_618x347 45

ক’ৰ’না মহামাৰীৰ পৰিপ্ৰেক্ষিতত চি বি এছ ইয়ে নৱম শ্ৰেণীৰ পৰা দ্বাদশ শ্ৰেণীলৈ ছাত্ৰ-ছাত্ৰীৰ পাঠ্যক্ৰম ৩০ শতাংশ হ্ৰাস কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে।

কেন্দ্ৰীয় মানৱ সম্পদ বিকাশ মন্ত্ৰী ৰমেশ পোখৰিয়ালে মঙলবাৰে আনুষ্ঠানিকভাৱে চি বি এছ ইয়ে নৱম শ্ৰেণীৰ পৰা দ্বাদশ শ্ৰেণীলৈ ছাত্ৰ-ছাত্ৰী সকলৰ পাঠ্যক্ৰম ৩০ শতাংশ হ্ৰাস কৰিছে বুলি ঘোষণা কৰে।

পোখৰিয়ালে ছাত্ৰ-ছাত্ৰী সকলৰ পাঠ্যক্ৰম ৩০ শতাংশ হ্ৰাস কৰা হলেও মুল বিষয়বস্তু সমূহ একে থাকিব বুলি জনায়।

সমগ্ৰ দেশৰ ১৫০০ত কৈ অধিক শিক্ষাবিদৰ পৰামৰ্শ লাভৰ পাছতে মানৱ সম্পদ বিকাশ মন্ত্ৰ্যালয়ে এই সিদ্ধান্ত গ্ৰহণ কৰে বুলি পোখৰিয়ালে কয়।

উল্লেখযোগ্য যে, ক’ৰ’না মহামাৰীৰৰ বাবে সমগ্ৰ দেশত শিক্ষানুষ্ঠানসমূহ বন্ধ হৈ আছে।

ছাত্ৰ-ছাত্ৰী সকলৰ পাঠদান প্ৰক্ৰিয়া ব্যহত হৈ থকাৰ পৰিপ্ৰক্ষিতত চি বি এছ ইয়ে ছাত্ৰ-ছাত্ৰী সকলৰ ওপৰত পৰিব পৰা চাপ হ্ৰাস কৰাৰ উদ্দেশ্যে এই সিদ্ধান্ত লৈছে বুলি বিভিন্ন লোকে কয়।

ক’ৰ’নাৰ সংক্ৰমণৰ বাবে ইতিমধ্যে চি ই ই, জে ই ইৰ লগতে বিভিন্ন প্ৰৱেশ পৰীক্ষা সমূহ পিছুৱাবলগীয়া হৈছে।