NORTHEAST NOW (Assamese)
অসম

অসম আৰোগ্য নিধিলৈ গুৱাহাটী মহানগৰ উন্নয়ন কৰ্তৃপক্ষৰ এদিনৰ দৰমহা

Posted by: কল্পজ্য়োতি শইকীয়া Updated by: কল্পজ্য়োতি শইকীয়া April 6, 2020 4:59 pm
GMDA

সমগ্ৰ দেশৰ লগতে অসমতো ক’ৰ’না ভাইৰাছে আতংকময় পৰিস্থিতিৰ সৃষ্টি কৰাৰ সময়ত  আজি গুৱাহাটী মহনগৰ উন্নয়ণ কৰ্তৃপক্ষ (জি এম ডি এ)ই অসম আৰোগ্য নিধিলৈ এদিনৰ দৰমহা আগবঢ়াইছে।

জি এম ডি এৰ সকলো বিষয়া-কৰ্মচাৰীয়ে অসম আৰোগ্য নিধিলৈ এদিনৰ দৰমহা আগবঢ়োৱাৰ বাবে সন্মতি প্ৰকাশ কৰে।

জি এম ডি এৰ কৰ্মচাৰী সকলৰ এদিনৰ দৰমহা মুঠ ১,৭২,৮৪৬.০০ টকা অসম আৰোগ্য নিধিৰ নিৰ্দিষ্ট একাণ্টলৈ ট্ৰেঞ্চফাৰ কৰা হয়।

আনহাতে, জি এম ডি এৰ কৰ্মচাৰী সকলে ক’ৰ’না ভাইৰাছৰ বিৰুদ্ধে যুঁজাৰ বাবে ৰাজ্য চৰকাৰৰ আৰোগ্য নিধিলৈ এমাহৰ দৰমহা দান কৰাৰ লগতে ৰাজ্যৰ বিত্ত মন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ আহ্বান মৰ্মে এই সংকতময় পৰিস্থিতিত ৰাজ্যৰ পাঁচটা দুখীয়া পৰিয়াললৈও অনুদান তথা খাদ্য সামগ্ৰী আগবঢ়াব বুলি জানিবলৈ দিয়ে।

উল্লেখযোগ্য যে, হিমন্ত বিশ্ব শৰ্মাৰ আহ্বানৰ পাছতে ৰাজ্যৰ দুখীয়া পৰিয়াল সকলক সহায়ৰ বাবে ৰাজ্যিক কৰ্মচাৰীৰ লগতে বিভিন্ন শিল্পী, ক’লা কুশলী সকল আগবাঢ়ি আহিছে।