NORTHEAST NOW (Assamese)
অসম

ক’ৰ’নাত আক্ৰান্ত হৈ আমেৰিকাত এদিনতে মৃত্যু প্ৰায় ২,০০০ গৰাকী লোকৰ; অসহায় ট্ৰাম্প প্ৰশাসন

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ April 8, 2020 1:24 pm
statue of libarty

আমেৰিকাত যুক্তৰাষ্ট্ৰত এদিনতে সৰ্বাধিক সংখ্যক লোকে ক’ৰ’না ভাইৰাছৰ সংক্ৰমণৰ ফলত মৃ্ত্যুক আকোৱালি লৈছে।

বিগত ২৪ ঘণ্টাত আমেৰিকাত প্ৰায় দুহেজাৰ লোক(১,৯৩৯ গৰাকী) ৰ ক’ৰ’না ভাইৰাছৰ সংক্ৰমণৰ ফলত মৃত্যু হৈছে।

দেশখনত ইতিমধ্যে ১২,৯১০ গৰাকী লোকৰ ক’ৰ’না ভাইৰাছৰ সংক্ৰমণৰ ফলত মৃত্যু হৈছে।

উল্লেখযোগ্য যে, আমেৰিকা যুক্তৰাষ্ট্ৰত চাৰি লাখতকৈ অধিক সংখ্যক লোক ক’ৰ’না ভাইৰাছৰ সংক্ৰমণৰ স্বীকাৰ হৈছে।

আমেৰিকাৰ উপৰিও, ইটালী, স্পেইন, ফ্ৰাঞ্চত ক’ৰ’না ভাইৰাছৰ সংক্ৰমণৰ ফলত ১০,০০০ কৈ অধিক লোকৰ মৃত্যু হৈছে।

আনহাতে, ভাৰতত বৰ্তমানলৈ ক’ৰ’না ভাইৰাছত মৃত্যু হোৱা লোকৰ সংখ্যা হৈছে ১৪৯ গৰাকী। ভাৰতত ৫,০০০ কৈ অধিক লোক মহামাৰী ক’ৰ’না ভাইৰাছৰ দ্বাৰ সংক্ৰমিত হৈছে।

চীনৰ য়ুহান প্ৰদেশত প্ৰথম আৰম্ভ হোৱা ক’ৰ’না ভাইৰাছৰ বাবে এতিয়া প্ৰায় বিশ্বৰ সকলো দেশ ল’কডাউনত থাকিবলগীয়া হোৱাৰ বিপৰীতে চীনৰ য়ুহানত চীন চৰকাৰে ৭৬ দিনৰ অন্তত ল’কডাউন উঠাই লৈছে।