NORTHEAST NOW (Assamese)
অসম

কেৱল বিজেপি নেতাসকলৰ বাবেহে ‘ভাল দিন’ আহিছে,সাধাৰণ লোকৰ বাবে নহয়: তৰুণ গগৈ

Posted by: এন ই নাও নিউজ February 18, 2018 8:19 am
Tarun-Gogoi-in-Shillong-750x430

অসমৰ প্ৰাক্তন মুখ্যমন্ত্ৰী তথা জ্যেষ্ঠ কংগ্ৰেছ নেতা তৰুণ গগৈয়ে কয় যে মেঘালয়ৰ আসন্ন বিধানসভাৰ নিৰ্বাচন ৰাজনৈতিক দলবোৰৰ মাজৰ যুদ্ধ নহয়, ই আদৰ্শৰ মাজৰ যুদ্ধহে। শনিবাৰে শ্বিলঙত নিৰ্বাচনী প্ৰচাৰৰ সময়ত গগৈয়ে গোটেই দেশতে অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্যবৃদ্ধি আকাশলংঘী হোৱা বুলি দোহাৰে।

বিজেপিক লক্ষ্য কৰি তেওঁ কয় যে বিজেপিয়ে ভাৰতৰ দৰে এখন সুন্দৰ বাগিচাত কেৱল পদুমহে ফুলি থকাটো বিচাৰে। তেওঁ অভিযোগ কৰে যে বিজেপিয়ে মেঘালয়ক এখন আদৰ্শ ৰাজ্য হিচাপে গঢ়াৰ প্ৰতিশ্ৰুতি দিছিল কিন্তু তেওঁলোকে গুজৰাটকে এখন আদৰ্শ ৰাজ্য হিচাপে গঢ়িব পৰা নাই।

গগৈৰ মতে ‘ভাল দিন’ৰ ধাৰণাটো কেৱল বিজেপিৰ নেতা আৰু মন্ত্ৰীসকলৰ বাবেহে অৰ্থবহ, সাধাৰণ লোকৰ বাবে নহয়।

মেঘালয় নিৰ্বাচনত কংগ্ৰেছ বিজয়ী হোৱাৰ ক্ষেত্ৰত নিজৰ দৃঢ়তা প্ৰকাশ কৰি তেওঁ কয় যে উত্তৰ-পূৰ্বাঞ্চলত কংগ্ৰেছেই ষষ্ঠ অনুসূচী প্ৰৱৰ্তন কৰিছিল। তেওঁ লগতে কয় যে কংগ্ৰেছ চৰকাৰে জনজাতিসকলৰ তেওঁলোকৰ প্ৰতিভা বিকাশৰ বাবে মেঘালয়ত কেইবাটাও প্ৰতিষ্ঠান স্থাপন কৰিছে।

তদুপৰি, গগৈয়ে লগতে অসম-মেঘালয় সীমান্ত বিবাদ নিষ্পত্তিৰ বাবে ঐক্যমতৰ পোষকতা কৰে। গগৈয়ে কয় যে ৰাজ্যখনৰ গঠনৰ সময়ত নিৰ্দ্ধাৰণ কৰা সীমাৰ আধাৰত বিবাদটো নিষ্পত্তি হোৱা উচিত।

তেওঁ উল্লেখ কৰে যে বিবাদটো মীমাংসাৰ ক্ষেত্ৰত ভাৰতৰ জৰীপ বিভাগৰ সহায়ত কিছু এৰা ধৰাৰ মাজেৰে আগবাঢ়িব লাগে। অসম আৰু মেঘালয় ৰাজ্য দুখনে বিষয়টো নিষ্পত্তিৰ ক্ষেত্ৰত আদালতৰ মজিয়ালৈ নোযোৱাৰ বাবে গগৈয়ে সন্তোষ প্ৰকাশ কৰে।