NORTHEAST NOW (Assamese)
Popular Stories

মহানগৰবাসীয়ে ল’কডাউনত ঘৰতে মাছ-মাংস পাবলৈ ইয়াত কৰক অৰ্ডাৰ

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ April 10, 2020 7:11 pm

ল’কডাউনৰ বাবে মহানগৰবাসীয়ে সন্মুখীন হৈ অহা মাছ-মাংসৰ অভাৱ দূৰ কৰিবলৈ ব্যৱস্থা হাতত লৈছে কামৰূপ মহানগৰ জিলা প্ৰশাসনে। ঘৰে ঘৰে লোকেল মাছ যোগানৰ ব্যৱস্থা কৰাৰ পিছত এতিয়া মুৰ্গী মাংসৰো হ’ম ডেলিভাৰী আৰম্ভ কৰিছে মহানগৰ প্ৰশাসনে।

মহানগৰ প্ৰশাসনে ‘দিপাংকৰ ট্ৰেড এজেন্সী’ক হ’ম ডেলিভাৰী কৰাৰ অনুমতি দিছে।

Lockdown21.in অ’নলাইন এপৰ জৰিয়তে অৰ্ডাৰ কৰি মহানগৰৰ বাসিন্দাসকলে এই সুবিধা লাভ কৰিব পাৰিব। কামৰূপ মহানগৰ জিলা উপায়ুক্তৰ কাৰ্য্যালয়ৰ পৰা জাৰি কৰা জাননীত প্ৰকাশ।

পশুধন উন্নয়ন নিগম আৰু গুৱাহাটীৰ ফিশ্বফেড সঞ্চালকে নিৰ্ধাৰণ কৰি দিয়া দামত মাছ আৰু মুৰ্গী মাংস ক্ৰয় কৰিব পাৰিব।

AS01 JC9806 নম্বৰৰ বাহনখনেৰে ঘৰে ঘৰে গৈ মাছ আৰু মাংসৰ যোগান ধৰা হ’ব বুলি জাননীত কোৱা কয়।

উল্লেখযোগ্য যে মহানগৰ প্ৰশাসনে আজিৰ পৰা গুৱাহাটীৰ বাসিন্দাসকলক ঘৰে ঘৰে লোকেল মাছ যোগানৰ ধৰাৰো ব্যৱস্থা কৰিছে। পৰিচয় পত্ৰ থকা মাছৰ বেপাৰীয়ে চাইকেল বা ঠেলাত নি মহানগৰীৰ বিভিন্ন ঠাইত ঘৰে ঘৰে নিৰ্ধাৰিত দামত মাছৰ যোগান ধৰিব।

লগতে পঢ়ক লকডাউন: গুৱাহাটীত ঘৰে ঘৰে বিক্ৰী কৰা হ’ব লোকেল মাছ