NORTHEAST NOW (Assamese)
অসম

নাগালেণ্ডৰ প্ৰথমজন ক’ভিড-১৯ ৰোগী চিনাক্ত

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ April 12, 2020 11:17 pm
5 persons test COVID-19 positive in Assam on Thursday

নাগালেণ্ডৰ প্ৰথমজন ক’ভিড-১৯ পজিটিভ ৰোগী দেওবাৰে চিনাক্ত হৈছে।

বৰ্তমান তেওঁক গুৱাহাটী চিকিৎসা মহাবিদ্যালয় আৰু চিকিৎসালয়ত চিকিৎসা কৰি থকা হৈছে।

ডিমাপুৰৰ এখন ব্যক্তিগত চিকিৎসালয়ত তেওঁৰ ক’ভিড-১৯ৰ লক্ষণ পোহৰলৈ আহিছিল।

পিছত তেওঁক গুৱাহাটী চিকিৎসা মহাবিদ্যালয় আৰু চিকিৎসালয়লৈ প্ৰেৰণ কৰা হয়।

জি এম চি এইচত পৰীক্ষাৰ পিছত তেওঁ ক’ভিড-১৯ পজিটিভ বুলি নিশ্চিত হয়।

অসমৰ স্বাস্থ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই টুইটাৰযোগে এই কথা সদৰী কৰিছে।

মেঘালয় আৰু ছিকিমৰ লগতে উত্তৰ-পূবৰ নাগালেণ্ডো ইয়াৰ পূৰ্বে ক’ভিড-১৯ ৰোগীৰ পৰা মুক্ত হৈ আছিল।

মেঘালয় আৰু ছিকিমত এতিয়ালৈকে কোনো ক’ভিড-১৯ ৰোগী চিনাক্ত হোৱা নাই।

মণিপুৰৰ প্ৰথমগৰাকী ক’ভিড-১৯ ৰোগী সুস্থ হৈ উঠিছে। চিকিৎসাৰ অন্তত তেওঁক ঘৰলৈ যাবলৈ দিয়া হৈছে।

মণিপুৰত আৰু এজন ক’ভিড-১৯ ৰোগী চিকিৎসাধীন অৱস্থাত আছে।

অৰুণাচল প্ৰদেশ আৰু মিজোৰামত এগৰাকীকৈ আৰু ত্ৰিপুৰাত দুগৰাকী ক’ভিড-১৯ ৰোগী চিকিৎসাধীন হৈ আছে।

অসমত যোৱা ২৪ ঘণ্টাত কোনো নতুন ক’ভিড-১৯ আক্ৰান্ত চিনাক্ত হোৱা নাই। অসমত মুঠ ২৯জন ৰোগী চিনাক্ত হৈছে, এজনৰ মৃত্যু ঘটিছে।

অসমত চিকিৎসাধীন পাঁচগৰাকী ৰোগীৰ নমুনা নিগেটিভ ওলোৱা বুলি স্বাস্থ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই পূৰ্বে উল্লেখ কৰিছিল।