NORTHEAST NOW (Assamese)
Popular Stories

আশা কৰিছিল পুত্ৰ সন্তান! : দুই কন্যা সন্তানৰ হতাশাগ্ৰস্ত মাতৃয়ে হত্যা কৰিলে নিজৰে ৪ বছৰীয়া বৰ কন্যাক

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ October 18, 2020 8:12 am
accident

দুগৰাকী কন্যা সন্তান জন্ম দি মানসিকভাৱে হতাশাগ্ৰস্ত হৈ পৰা এগৰাকী মাতৃয়ে ডাঙৰ গৰাকী কন্যা সন্তানক নিজ হাতেৰে হত্যা কৰাৰ খবৰ আহিছে।

ঘটনাটো সংঘটিত হৈছে শনিবাৰে পঞ্জাৱৰ লুধিয়ানাৰ নবীন নগৰত।

আৰক্ষী সূত্ৰৰ খবৰ মতে বিহাৰৰ প্ৰব্ৰজিত শ্ৰমিক টিংকু যাদৱৰ পত্নী প্ৰিয়ংকাই(৩০)  নিজৰে ডাঙৰ কন্যাৰ মূৰটো বাৰ্থ ৰুমৰ ৱালত থেঁতেলিয়াই হত্যা কৰে।

“তেওঁ ৪ বছৰীয়া কন্যা গৰাকীক চালেম টাব্ৰীৰ নবীন নগৰত থকা ভাৰা ঘৰৰ বাৰ্থ ৰুমলৈ নি প্ৰহাৰ কৰাৰ লগতে মূৰটো ৱাল আৰু মজিয়াত থেতালি দি হত্যা কৰে।” আৰক্ষী পৰিদৰ্শক গোপাল কৃষ্ণনে সংবাদ মাধ্যমৰ আগত কয়।

লগতে তেওঁ কয় যে টিংকু যাদৱৰ পত্নী প্ৰিয়ংকাই দুমাহৰ পূৰ্বে দ্বিতীয় গৰাকী কন্যা সন্তান জন্ম দিছিল।

“পুত্ৰ সন্তানৰ বিপৰীতে দ্বিতীয় গৰাকী কন্যা সন্তান জন্ম দি তেওঁ যথেষ্ট ভাঙি পৰিছিল।” আৰক্ষী বিষয়া গোপাল কৃষ্ণণে কয়।

মহিলাগৰাকীয়ে এই হতাশাগ্ৰস্ততাৰ চিকাৰ হৈয়ে নিজৰ ৪ বছৰীয়া কন্যা সন্তানক হত্যা কৰে বুলিও আৰক্ষীয়ে সংবাদ মাধ্যমৰ আগত প্ৰকাশ কৰিছে।

ইফালে লুধিয়ানা আৰক্ষীৰ যুটীয়া আৰক্ষী আয়ুক্ত ভগীৰথ মীনাই কয়ে যে ইতমিধ্যে হত্যাৰ অভিযোগত মহিলা গৰাকীৰ বিৰুদ্ধে গোচৰ ৰুজু কৰা হৈছে।