NORTHEAST NOW (Assamese)
Popular Stories

কিমান তাৰিখৰ পৰা কাৰ্যালয়লৈ আহিব লাগিব চৰকাৰী কৰ্মচাৰী, ক’লে মন্ত্ৰী হিমন্তই

Posted by: কল্পজ্যোতি শইকীয়া Updated by: কল্পজ্যোতি শইকীয়া April 13, 2020 4:06 pm
19078063-49eb-401f-b6f7-de0798a255e4

২০ এপ্ৰিল অৰ্থাৎ অহা সোমবাৰৰ পৰা মুকলি হ’ব ৰাজ্যৰ সকলো চৰকাৰী কাৰ্যালয়। বিত্ত তথা স্বাস্থ্য মন্ত্ৰী ড০ হিমন্ত্ বিশ্ব শৰ্মাই আজি এক সংবাদমেলযোগে এই ঘোষণা কৰে।

চৰকাৰী কাৰ্যালয় সমূহ সীমিত সংখ্যক বিষয়া-কৰ্মচাৰীৰে চলিব বুলি তেওঁ জানিবলৈ দিয়ে।

সংবাদমেল মন্ত্ৰীগৰাকীয়ে আজি গধুলি বা কাইলৈ দিনৰ ভাগত লকডাউন শিথিলতা সন্দৰ্ভত কেন্দ্ৰীয় চৰকাৰে নিৰ্দেশনা দিব বুলি কয়।

১২ এপ্ৰিল অৰ্থাৎ দেওবাৰে কেবিনেট বৈঠক অনুষ্ঠিত হৈছিল যদিও অসম চৰকাৰে লকডাউনৰ ক্ষেত্ৰত নিজাববীয়াকৈ কোনো সিদ্ধান্ত নলয় বুলিও মন্ত্ৰীগৰাকীয়ে সদৰী কৰে।

উল্লেখ্য যে লকডাউন শিথিল হ’লেও জনসাধাৰণক সতৰ্ক আৰু সজাগ হৈ থাকিবলৈ মন্ত্ৰীগৰাকীয়ে আহ্বান জনায়। তেওঁ লগতে মুখত মাস্ক পিন্ধা আৰু পৰিষ্কাৰ পৰিচ্ছন্ন হৈ থকাটো অত্যন্ত জৰুৰী বুলি কয়।

আনহাতে, আজি পজিটিভ ধৰা পৰা ধুবুৰীৰ লোকজনৰ প্ৰসংগ উত্থাপন কৰি হিমন্তই সংবাদমেলত কয় ‍‘বৰপেটা মেডিকেল কলেজত পজিটিভ ধৰা পৰা ধুবুৰীৰ লোকজনৰ নাম হজৰত আলি(৩৫ বছৰ)। AIR ASIA ফ্লাইটত ২১ মাৰ্চত দিল্লীৰ পৰা গুৱাহাটীত উপস্থিত হৈ একেদিনাই বিয়লি ৪ বজাত বাছেৰে ধুবুৰী গৈছিল’।

তেওঁ আৰু কয়, ‍‘লোকজন ধুবুৰীৰ বৰাবজাৰত অত্যাৱশ্যকীয় সামগ্ৰী ক্ৰয়ৰ বাবে গৈছিল। তেওঁৰ দিল্লী যাত্ৰাৰ ইতিহাস দেখাৰ লগে লগে কোৱাৰেণ্টাইনত ৰাখিবলৈ পৰামৰ্শ দিছিল স্বাস্থ্য বিভাগ তথা প্ৰশাসনে। ৭ এপ্ৰিলত তেওঁৰ দেহত অসুস্থতাই দেখা দিয়াত তেওঁ ধুবুৰী চিকিৎসালয়ত আইছ’লেচন কৰা হয়। ১০ এপ্ৰিলত নমুনা সংগ্ৰহ কৰা হয় আৰু পৰীক্ষাৰ পাছত ১৩ এপ্ৰিলত COVID-19 পজিটিভ বুলি ৰিপ’ৰ্ট ওলায়’।

আজি ধৰা পৰা ক’ৰ’না ৰোগীজনে নিজামুদ্দিনলৈ গৈছিল যদিও তবলিগী জামাতত অংশগ্ৰহণ কৰা নাছিল বুলি চিকিৎসকৰ আগত কোৱা বুলি হিমন্তই জনায়।

আনহাতে নাগালেণ্ডৰ লোকজনে বৰ্তমান GMCH ৰ ICU ত চিকিৎসাধীন হৈ আছে যদিও ভেণ্টিলেশ্যন ছাপ’ৰ্ট (Vantilation Supprt) দিবলগীয়া হোৱা নাই বুলি মন্ত্ৰীগৰাকীয়ে জানিবলৈ দিয়ে।

মন্ত্ৰীয়ে উল্লেখ কৰা মতে নাগালেণ্ডৰ লোকজনৰ নাম ৰাজা জৈন (৩৩ বছৰ)। তেওঁ ২৪ মাৰ্চত কলকাতাৰ পৰা ডিমাপুৰত উপস্থিত হৈছিল। কালি ইডেন হাস্পাতালৰ পৰা তেওঁক এম্বুলেঞ্চৰে লৈ অনা চালকৰ লগতে জৈনৰ বৃদ্ধ পিতৃক বৰ্তমান মহেন্দ্ৰ মোহন চৌধুৰী হাস্পাতালত কোৱাৰেণ্টাইনত ৰখা হৈছে।

ইফালে ক’ৰ’না ভাইৰাছৰ বিৰুদ্ধে যুঁজিবলৈ বৰ্তমান ৰাজ্য চৰকাৰৰ হাতত ৮৫,৫৮২ টা PPE কিট আছে বুলি জানিবলৈ দি মন্ত্ৰী গৰাকীয়ে কয়, ‍‘মুম্বাইৰ অসম ভৱনত মুকেশ আম্বানী আৰু তেওঁৰ ৰিলায়েন্স গ্ৰুপে ১০০০০ PPE কিট অসমৰ বাবে যোগান ধৰিছে। ইয়াৰ উপৰি ভাৰত চৰকাৰে নতুনকৈ ৫৪০০ কিট আজি যোগান ধৰিছে’।

আনহাতে ৰাজ্য চৰকাৰৰ স্বাস্থ্য বিভাগৰ হাতত বৰ্তমান ৯১০০০ টা N-95 মাস্ক আছে বুলি তেওঁ সদৰী কৰাৰ লগতে চাহ শ্ৰমিক সকলক তিনি তৰপযুক্ত তিনিটাকৈ মাস্ক যোগান ধৰা হ’ব বুলি কয়।